অসম

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকা আৰু নাই

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক হৰিপ্ৰসাদ হাজৰিকা আৰু নাই। বুধবাৰে পুৱতি নিশা প্ৰায় ৩-৩০বজাত ইহলীলা ত্যাগ কৰে হাজৰিকাই।

কলিয়াবৰৰ নিবাসী হাজৰিকাই কেন্দ্ৰীয় সেৱাবাহিনীৰ প্ৰথমগৰাকী মুখ্য সচিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইবাবছৰো প্ৰধান সম্পাদকৰ দৰে গুৰু দায়িত্ব গ্ৰহণ কৰি সংঘক সন্মুখৰ পৰা সু-নেতৃত্ব দি আহিছিল।

উল্লেখ্য যে, জটিল ৰোগত আক্ৰান্ত হৈ আছিল বাপগৰাকী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ যথেষ্ঠখিনি কৰিছিল বাপগৰাকীয়ে।

বাপগৰাকীৰ মৃত্যুক শোকৰ ছা পেলাইছে শংকৰদেৱ সংঘত। তেওঁৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।