অসম

বিতৰ্কত হাটশিঙিমাৰী জিলা চিকিৎসালয় : সন্তান সাল-সলনি কৰাৰ অভিযোগ

Asomiya Pratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : সন্তান বিক্ৰী কৰি হাটশিঙিমাৰী জিলা চিকিৎসালয়ৰ দুগৰাকী নাৰ্চে জে’লৰ ভাত খোৱাৰ বিতৰ্ক চলি থকাৰ মাজতে পুনৰ বিতৰ্কত সোমাই পৰিছে হাস্পতালখন।

এগৰাকী প্ৰসূতি মাতৃৰ দুদিনীয়া কেচুৱা ল’ৰা সন্তান চিকিৎসালয় কৰ্তৃপক্ষই সাল-সলনি কৰি কন্যা সন্তান যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে, মানকাচৰ থানা এলেকাৰ অধীনস্থ কুচনিমাৰা গাঁৱৰ আজমল নামৰ এগৰাকী লোকে তেওঁৰ পত্নীক যোৱা তিনিদিন পূৰ্বে গৰ্ভৱতী অৱস্থাত হাটশিঙিমাৰী জিলা চিকিৎসালয়ত ভৰ্তি কৰিছিল।

প্ৰসূতীগৰাকীয়ে দেওবাৰৰৰ দিনা পুৱা প্ৰায় ৬-০০ বজাত এটি সন্তান জন্ম দিয়ে। সন্তানটিৰ শাৰীৰিক অৱস্থা দুৰ্বল হেতু চিকিৎসালয় কৰ্তৃপক্ষই সদ্যজাত শিশুটিক হাস্পাতালৰ বিশেষ কোঠাত গৰমৰ মাজত ৰখাৰ ব্যৱস্থা কৰে। মহিলাগৰাকীয়ে এটি ল’ৰা সন্তান জন্ম দিছে বুলি ইতিমধ্যে পৰিয়ালৰ লোক অৱগত হয়।

দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰে সন্ধিয়াৰ ভাগত মাতৃগৰাকী শিশুটিৰ ওচৰত স্তনপান কৰাবলৈ যায়। কেচুৱাটি পেচাব কৰাৰ বাবে পৰিধান কৰাই থোৱা হাগিছ সলনি কৰিবলৈ ধৰাত মাতৃয়ে কন্যা সন্তান দেখা পায়। লগে লগে এই শিশুটি তাইৰ নহয় বুলি হুলস্থলীয়া পৰিবেশৰ সৃষ্টি কৰে।

মহিলাগৰাকীয়ে ল’ৰা সন্তান জন্ম দিয়া বুলি দাবী কৰি হাস্পাতাল কৰ্তৃপক্ষই সদ্যজাত শিশুটিক সাল-সলনি কৰা বুলি অভিযোগ আনে। ঘটনাক লৈ হাস্পাতালত থকা আন একাংশ প্ৰসূতিও সন্তান সাল-সলনি কৰা বুলি সংবাদিকৰ কেমেৰাৰ আগত বিস্ফোৰক অভিযোগ তোলে।

পৰিবেশ উত্তপ্ত হ’বলৈ ধৰাত বিষয়টো খাৰুৱাবান্ধা আৰক্ষীক অৱগত কৰা হয়। নিশা প্ৰায় ৯.৩০ বজাত খাৰুৱাবান্ধা আৰক্ষীৰ দল হাস্পতালত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। হাস্পতালখনৰ অধীক্ষক ডাঃ ছামছুল হকে যাৱতীয় সকলো নথি পত্ৰ তন্ন তন্ন কৰি পৰীক্ষা কৰাৰ পাচত সন্তান সাল-সলনিৰ ঘটনাটো হাস্পতাল কৰ্তৃপক্ষৰ পৰা অস্বীকাৰ কৰে।

কিন্তু প্ৰসূতি মাতৃৰ লগতে পৰিয়ালৰ লোকৰ গুৰুতৰ অভিযোগৰ ভিত্তিত খাৰুৱাবান্ধা আৰক্ষীয়ে তদন্ত চলায়। প্ৰাথমিক তদন্তত মহিলাগৰাকীয়ে নেদেখাকৈ ল’ৰা সন্তান জন্ম দিয়া বুলি দাবী কৰিছিল যদিও প্ৰকৃতে কন্যা সন্তান জন্ম দিয়া বুলিয়ে পোহৰলৈ আহিছে। খাৰুৱাবান্ধা আৰক্ষীৰ অনুসন্ধান আজিও চলি আছে।

লক্ষণীয় যে, কিছুদিন পূৰ্বে হাটশিঙিমাৰী জিলা হাস্পতালত এগৰাকী কিশোৰীক অবৈধভাৱে প্ৰসৱ কৰোৱাই শিশু বিক্ৰী কৰাৰ অভিযোগত দুগৰাকী নাৰ্চসহ কেবাজনো লোক জে’ললৈ গৈছিল। হাস্পতালখনত নাৰ্চে শিশু বিক্ৰীৰ ঘটনাত জড়িত থকা কাণ্ডই সমগ্ৰ জিলাখনতে আলোড়নৰ সৃষ্টি হৈছিল।

গ্ৰেপ্তাৰ হোৱা নাৰ্চ দুগৰাকীয়ে অধীক্ষকলৈ দোষ ঠেলি দি এক বিতৰ্কৰ সৃষ্টি কৰিছিল। এই ঘটনাৰ বিতৰ্ক মাৰ নৌযাওতে পুনৰ সন্তান সাল সলনি কৰাৰ অভিযোগ উত্থাপন হৈছে।