অসম

ৰঙিয়া আৰু ৰহাত প্ৰচণ্ড গৰমৰ বাবেই প্ৰাণ হেৰুৱালে দুজনে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ মাজত ৰাজ্যবাসীয়ে ত্ৰাহি মধুসুদন সোঁৱৰাৰ সময়তে ৰঙিয়াত এগৰাকী শ্ৰমিকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে ৰঙিয়াত আজি প্ৰচণ্ড গৰমৰ মাজতে যোগেন কলিতা নামৰ এগৰাকী ৫৫ বৰ্ষীয় শ্ৰমিকৰ মৃত্যু হৈছে।

জানিব পৰা মতে প্ৰতি দিনৰ দৰে আজিও প্ৰচণ্ড গৰমৰ মাজতেই ৰঙিয়াৰে বাসিন্দা যোগেন কলিতাই দৈনিক কামৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল। দিনটোৰ প্ৰায় এটা বেলা প্ৰচণ্ড গৰমৰ মাজতে ৰ'দত কাম কৰি ভাগৰি পৰা কলিতাই কিছু অসুস্থ অনুভৱ কৰাত ঘৰলৈ যায়।

ঘৰত তেওঁ আৰু অধিক অসুস্থ অনুভৱ কৰে আৰু কিছু সময়ৰ পাছতে মৃত্যুক সাৱটি লয়। অৱশ্যে তেওঁক স্থানীয় এখন হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও হাস্পতালত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

উল্লেখ্য আজি ৰঙিয়া চহৰৰ তাপ মানে ৩৮ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে। সেইদৰে গুৱাহাটীৰ সৰ্বোচ্চ তাপমান ৩৯ ডিগ্ৰী চেলছিয়াছ। আই এম ডিয়ে ইতিমধ্যে জাননী জাৰি কৰি আজিৰ দিনটোৰ তাপমান গুৱাহাটীৰ বাদে অসমৰ আন আন জিলাসমূহত ৩৫ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হ'ব। ঠায়ে ঠায়ে স্বাভাৱিক তাপ মানতকৈ ৩ ৰ পৰা ৪ ডিগ্ৰী বৃদ্ধি হৈ ৩৮ ৰ পৰা ৩৯ ডিগ্ৰী পৰ্যন্ত হোৱাৰ সম্ভাৱনা আছিল। সেই অনুসৰিয়েই জিলাই জিলাই গ্ৰীষ্ম প্ৰবাহ তীব্ৰতৰ হোৱা পৰিলক্ষিত হৈছে।

একেই ৰাজ্যত এতিয়া প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহ। ৰহাত উৎকট গৰমৰ বাবেই মৃত্যু হ'ল কণ্টেইনাৰ চালকৰ। চালকজনৰ পৰিচয় এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই। জানিব পৰা মতে গুৱাহাটী অভিমুখী NL 01 AA 3963 নম্বৰৰ কণ্টেইনাৰখনৰ এটা চকা ৰহাৰ দীঘলীআটিত ৰাষ্ট্ৰীয় পথৰ ওপৰতে ফুটি যায়। পিচত চালকজনে জেক উলিয়াই চকা সলনি কৰিবলৈ লওঁতেই উৎকট গৰমৰ বাবে মূৰ আচণ্ডাই কৰে আৰু দৌৰি গৈ কাষৰ দোকানৰ পৰা পানী খায়। কিন্তু লগে লগে চালকজনে হাত-ভৰি আছাৰি পৰি যায় আৰু থিতাতে মৃত্যু হয়। পিচত ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।