অসম

অসমৰ কেইবাখনো জিলাত হ’ব ধাৰাসাৰ বৰষুণ : বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

Asomiya Pratidin

ডিজিটেল ডেস্ক : অসমৰ কেইবাখনো জিলাত হ’ব ধাৰাসাৰ বৰষুণ। শনিবাৰে এই কথা উল্লেখ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।

ৰাজ্যৰ কেইবাখনো জিলাত ইতিমধ্যে ইয়েল্লো এলাৰ্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে ইয়েল্লো এলাৰ্ট জাৰি কৰা জিলাসমূহত ধাৰাসাৰ বৰষুণ অহাৰ লগতে বজ্ৰপাতৰো সম্ভাৱনা আছে।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি হাইলাকান্দি, কৰিমগঞ্জ, ডিমা হাচাও, কাৰ্বি আংলংত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। ইতিমধ্যে এইকেইখন জিলাত সতৰ্কবাণী জাৰি কৰা হৈছে।

একেদৰে নগাঁও, হোজাই, গোলাঘাটতো বৰষুণৰ লগতে বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। এইকেইখন জিলাতো ইয়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ব্যতিক্ৰম নহয় ডিব্ৰুগড়, তিনিচুকীয়া, বিশ্বনাথ আদি জিলাও।