অসম

আৰু ৫ দিনলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা !

Asomiya Pratidin

ডিজিটেল ডেস্ক : আৰু ৫ দিনলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনাৰ কথা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। তাৰোপৰি অসমত ধাৰাসাৰ বৰষুণ আহিব পাৰে বুলিও বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে।

অসমৰ কেতবোৰ স্থানত এই সময়ছোৱাত বিজুলী ঢেৰেকণিৰ লগতে ধাৰাসাৰ বৰষুণৰ প্ৰৱল সম্ভাৱনা আছে। অসমৰ উপৰি মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু মিজোৰামতো আহিব পাৰে প্ৰচণ্ড বৰষুণ।

এনেক্ষেত্ৰত উল্লেখিত ৰাজ্যকেইখনৰ বাসিন্দাসকলক অপ্ৰয়োজনত বাহিৰলৈ অহা তথা পৰ্যটন আদিৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ জাৰি কৰিছে।