অসম

সুৰা বিপনীৰ বিৰুদ্ধে হেলেমৰ আমতলাত ৰাজহুৱা সভা

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ হেলেম গাঁও পঞ্চায়তৰ অন্তৰ্গত আমতলাবড়ীত এখন "সুৰা বিপনী" খুলিবলৈ চলোৱা প্ৰস্তুতিৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিছে স্থানীয় ৰাইজ।যাৰ বাবে উক্ত সুৰা বিপনীৰ ঘোৰ বিৰোধিতা কৰি ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে।

এই বিষয়ে স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত জানিবলৈ দি কয় যে হেলেন মৌজাৰ অন্তৰ্গত সোণাৰিপৰীয়া গাঁও নিবাসী দীপজ্যোতি বৰাৰ পত্নী ভানু বৰাই হেলেম চাৰিআলি আৰু আমতলাবড়ী সংযোগী সদাব্যস্ত গড়কাপ্তানি পথ (হেলেম প'ষ্ট অফিচ ৰ'ড)ৰ কাষত হেলেম ৰাজহ চক্ৰৰ হাঁহাৰাপথাৰ গাঁৱৰ ৩১২ নং দাগৰ ৩৩ নং ম্যাদি পট্টাৰ মাটিত এখন "সুৰাৰ বিপনী" খোলাৰ প্ৰস্তুতি চলাই আছে। উক্ত স্থানত সুৰাৰ বিপনী স্থাপন হ'লে নিকটবর্তী ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা ঘনীভূত হোৱাৰ লগতে কলুষিত কৰি তুলিব সুস্থ সামাজিক পৰিৱেশ।

এই আপত্তিজনক বিষয়টোক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে বুধবাৰে আমতলাবড়ী ৰাজহুৱা নামঘৰত স্থানীয় সমাজকৰ্মী নাৰায়ণ বৰাৰ পৌৰহিত্যত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।স্থানীয় সচেতন যুৱক দিব্যজ্যোতি বৰা,অপূৰ্ব কটকী,পংকজ পাল আৰু উৎপল বৰাৰ আহ্বান মৰ্মে অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্যে বাখ্যা কৰে গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰমানন্দ বৰাই।

অঞ্চলটোৰ কেইবাশতাধিক ৰাইজে অংশগ্ৰহণ কৰা সভাখনত হেলেম ৰাজহ চক্ৰৰ অন্তর্গত সোণাৰিপৰীয়া গাঁৱৰ ভানু বৰাই (স্বামী-শ্রীদীপজ্যোতি বৰা)ই হেলেম চাৰিআলিৰ পৰা আমতলাবড়ী সংযোগী পথৰ কাষত সুৰাৰ বিপনী খোলাৰ যি প্রস্তুতি চলাই আছে সেই সন্দৰ্ভত সভাই তীব্র বিৰোধীতা কৰি উক্ত স্থানত সুৰাৰ বিপনীৰ অনুমতি বন্ধ কৰাৰ বাবে দাবী উত্থাপন কৰি প্ৰস্তাৱ গ্ৰহণ কৰে।তদুপৰি উক্ত 'সুৰা বিপনী'ৰ বাবে নির্বাচন কৰা স্থান বাতিলকৰণৰ বাবে বিহীত ব্যবস্থা গ্রহণ কৰিবলৈ গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাক ৰাজহুৱা আবেদন জনোৱাৰ বাবে সভাই প্ৰস্তাৱ গ্ৰহণ কৰে।

ইয়াৰ উপৰিও অঞ্চলটোৰ ৰাইজে উক্ত সুৰা বিপনীৰ বাবে আপত্তি বিহীন প্ৰমাণ পত্ৰ প্ৰদান নকৰিবলৈ হেলেম গাঁও পঞ্চায়তৰ ওচৰত দাবী উথাপন কৰি আজি পঞ্চায়ত সভাপতিৰ হাতত এখন ৰাজহুৱা আবেদন দাখিল কৰিছে।তদুপৰি অনুষ্ঠিত ৰাজহুৱা সভাৰ প্ৰস্তাৱ সহ উক্ত সুৰা বিপনীৰ বিৰুদ্ধে আজি ৰাইজে গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ হাতত স্মাৰক প্ৰদান কৰিছে।ৰাজহুৱা অভিযোগ সম্বলিত উক্ত স্মাৰক পত্ৰ বিধায়ক উৎপল বৰাই ৰাইজৰ স্বাৰ্থত উপযুক্ত পদক্ষেপৰ বাবে বিশ্বনাথ জিলাৰ উপায়ুক্ত, গহপুৰ মহকুমাৰ মহকুমাধিপতি আৰু গহপুৰ আবকাৰী উপ অধীক্ষকলৈ প্ৰেৰণ কৰিছে।উক্ত সুৰা বিপনী বন্ধ নহ'লে ৰাইজে প্ৰতিবাদ তীব্রতৰ কৰি তুলিব বুলি জানিবলৈ দিছে।