অসম

ব্ৰহ্মপুত্ৰৰ বানত সন্ধানহীন সুনীল প্ৰধানৰ মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,ছয়দুৱাৰ: বুধবাৰে উদ্ধাৰ হ'ল গহপুৰ হেলেমৰ অন্তৰ্গত কৰ্টেল গাঁৱত ব্ৰহ্মপুত্ৰৰ বানত ১ জুলাইৰ পৰা সন্ধানহীন যুৱক সুনীল প্ৰধান(২২ৰ মৃতদেহ। আজি দুপৰীয়া প্ৰায় ১২ বজাত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহটো।কৰ্টেল গাঁৱৰ যি স্থানত নাও ডুবি ব্ৰহ্মপুত্ৰৰ বানত সুনীল সন্ধানহীন হৈছিল সেই স্থানৰ সমীপৰ পথাৰৰ মাজৰ বাঢ়নী পানীৰ মাজৰ পৰা সুনীলক উদ্ধাৰ কৰে এছ ডি আৰ এফ বাহিনীয়ে।

গাঁও খনৰ এগৰাকী চফল ডেকা সুনীলৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত শোকত ভাগি পৰে স্থানীয় ৰাইজৰ লগতে আত্মীয় কুটুম আৰু পৰিয়ালৰ লোক।ইয়াৰ পিছত তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে আৰক্ষী প্ৰশাসনে।সুনীলৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত মৃতদেহ তুলি আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠোৱালৈকে ঘটনাস্থলীত ৰাৱাৰ ব'টেৰে উপস্থিত হৈ সমগ্র দিশ তদাৰক কৰে গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকমণি বৰাই।

উল্লেখযোগ্য যে কৰ্মসূত্ৰে ইটানগৰত থকা সুনীল ১ জুলাইত ঘৰলৈ আহিছিল।সেইদিনা তেওঁ দুজনমান সতীৰ্থৰ সৈতে সন্ধিয়া প্ৰায় ৭ বজাত এখন হাত নাৱেৰে কৰ্টেল গাঁৱৰ ঘৰলৈ গৈ আছিল।তেনেতে ঘৰ পাবলৈ সামান্য দূৰত্ব থকাৰ সময়ত ব্ৰহ্মপুত্ৰৰ ভয়াবহ বানত নাও ডুবি সন্ধানহীন হয় সুনীল প্ৰধান।ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধিৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।নাওখনত থকা তেওঁৰ সতীৰ্থ সকল কোনোমতে উদ্ধাৰ হয় যদিও মুহূৰ্তৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বানত সন্ধানহীন হৈ পৰে সুনীল।

সুনীল সন্ধানহীন হোৱাৰ পিছৰে পৰা এছ ডি আৰ এফ বাহিনীয়ে স্থানীয় ৰাইজৰ সহযোগত চলাই থকা অভিযানৰ মাজত আজি উদ্ধাৰ হয় তেওঁৰ মৃতদেহ।মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃৰ লগতে এগৰাকী ভাতৃক ইহসংসাৰত এৰি থৈ গৈছে।ইপিনে গহপুৰ মহকুমাৰ দক্ষিণাঞ্চলৰ বান পৰিস্থিতি আজিৰে পৰা কিছু পৰিবৰ্তন হৈছে যদিও স্বাভাৱিক হোৱা নাই সামগ্ৰিক পৰিৱেশ।

ব্ৰহ্মপুত্ৰৰ দাঁতি কাষৰীয়া বাকৰীদলনী, বৰতামুলী, খাৰৈপৰীয়া, লোহিতমুখ,ৰাওনামুখ, পিছলা সোঁৱণশিৰি গাঁও পঞ্চায়তৰ একাধিক গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে।চৰকাৰী তথ্য মতে কালি সন্ধিয়া পৰ্যন্ত গহপুৰ মহকুমাৰ মুঠ ৯৮ খন গাঁৱৰ ৮৬,৫১৬ জন লোক বানৰ কবলত পৰিছে।গহপুৰ মহকুমা প্ৰশাসনে এতিয়ালৈকে মুঠ ৪টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰি বন্যাৰ্তক আশ্ৰয় দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।

গহপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লুকমণি বৰাৰ তৎপৰতাত গহপুৰ মহকুমা প্ৰশাসনে আজিলৈকে ৭৪ খন গাঁৱৰ বান বিধ্বস্ত ৰাইজৰ মাজত সূচাৰুৰূপে খাদ্য সামগ্ৰী বিতৰণ কৰে। লগতে ৪০ খন বান বিধ্বস্ত গাঁৱত পশু খাদ্যও বিতৰণ কৰিছে। মহকুমাধিপতি লুকমণি বৰাই বান বিধ্বস্ত এলেকা সমূহত স্বাস্থ্য ও চিকিৎসা সেৱা বিভাগ,আশা কৰ্মী,জনস্বাস্থ্য কাৰিকৰী বিভাগ,জলসম্পদ বিভাগ,সংহত শিশু উন্নয়ন প্ৰকল্প আৰু গাঁও প্ৰধান সকলক সষ্টম কৰি ৰাখিছে।

বান বিধ্বস্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ ব্যৱস্থাটো যাতে সূচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে মহকুমাধিপতি লুকুমণি বৰাৰ নেতৃত্বত গহপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া মনীষ ভড়ালী, হেলেম ৰাজ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিলিনা টাইড, সহকাৰী আয়ুক্ত মাধুৰ্য্য পৰাশৰ আৰু চয়নিকা হাজৰিকাই গুৰুত্বসহকাৰে সমগ্র দিশ তদাৰক কৰা পৰিলক্ষিত হৈছে।

বান্যাৰ্তৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে মহকুমাধিপতি লুকমণি বৰাই নিজেই নাৱত উঠি অঞ্চল পৰিদৰ্শন কৰাৰ লগতে বান বিধ্বস্ত ৰাইজৰ চৰকাৰী সকাহৰ বাবে কেইবাটাও হেল্প লাইন নম্বৰ মুকলি কৰি দিছে।তদুপৰি এটা বান নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰি উক্ত বান নিয়ন্ত্ৰণ কক্ষৰ ০৩৭১৫-২৪৩৫৭০ এই হেল্প লাইন নম্বৰত বন্যাৰ্তক যি কোনো জৰুৰী সময়ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে লুকমণি বৰাই।

ইপিনে গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰায়ো বান বিধ্বস্ত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈ গহপুৰ মহকুমা প্ৰশাসনৰ লগত সঘনাই আলোচনাত মিলিত হৈছে।আজি বিশ্বনাথ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱে গহপুৰৰ দক্ষিণাঞ্চলৰ কেইবাটাও বান কবলিত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লয়।