hemanta dutta's birthday 
অসম

নাট্যকাৰ তথা গীতিকাৰ হেমন্ত দত্তৰ ওপজা দিন...

Asomiya Pratidin

প্ৰতিদিন ডিজিটেল সংবাদ,‌ মঙলদৈ : ভ্ৰাম্যমাণ নাট্য জগতক নতুন গতি দিয়া নাট্যকাৰ তথা গীতিকাৰ হেমন্ত দত্তৰ শনিবাৰে ৮০ সংখ্যক ওপজাদিন ৷ এই আকাশ বৰ বিশাল, শুন হেৰ ৰূপহী বিজুলী, জীৱনটো হ'ল অসাৰ, নহ'লে পৰিচয় হিয়াৰে আদি অলেখ গীতৰ স্ৰষ্টা হেমন্ত দত্ত ৷

ভ্ৰাম্যমাণৰ আধুনিক নাটকৰ অনন্য ৰূপ দিয়া নাট্যকাৰ ভিতৰত হেমন্ত দত্ত অন্যতম ৷“ফাচি কাঠত ৰাজখোৱা”, “টাইটানিক” আদিকে ধৰি প্ৰায় ১০০খন নাটকৰ স্ৰষ্টা হ’ল হেমন্ত দত্ত ৷ তেওঁ এতিয়া ৰোগাক্ৰান্ত ৷

বৰ্তমান “সোনৰ পানী” নামৰ পুৰণি দৰং জিলাক লৈ এখন উপন্যাস লিখাত ব্যস্ত আজন্ম শিল্পী গৰাকী ৷ আশি উৰ্ধৰ শিল্পী গৰাকীৰ জন্মদিনত বিভিন্ন জনে জনালে অলেখ শুভকামনা ৷