অসম

কাছাৰত ২.৯ কোটি টকাৰ হেৰ'ইন জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই অসম ৰাইফলছ আৰু কাছাৰ আৰক্ষীয়ে বুধবাৰে বৃহৎ সফলতা লাভ কৰে। গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছৰ "জালুৰা "ই" কয় ২৮ নম্বৰ বেটেলিয়ন আৰু জিৰিঘাট থানাৰ আৰক্ষীয়ে যৌথ অভিযান চলাই ১৯ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

বাকচ কেইটাৰ পৰা মুঠ ৪২০. ৫৭ গ্ৰাম হেৰʼইন জব্দ কৰা হয়। জব্দ কৰা হেৰ''ইনৰ মূল্য প্ৰায় ২.৯ কোটি টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে।‌ হেৰ'ইন সৰবৰাহৰ অভিযোগত মনিপুৰৰ তামেংলং জিলাৰ টাওছেম এলেকাৰ হাওমিন থাঙ ডংগেল নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান ধৃত লোক জনক জিৰিঘাট থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে