খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ-অষ্টলক্ষ্মী ২০২৩ৰ ল'গ' আৰু প্ৰতীকী মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 
অসম

খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ-অষ্টলক্ষ্মী ২০২৩ৰ ল'গ' আৰু প্ৰতীকী মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটী : মহানগৰীত ভাৰতৰ বৃহত্তম ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ ২০২৩ৰ চতুৰ্থ সংস্কৰণৰ ল’গ’ আৰু প্ৰতীকী অষ্টলক্ষ্মী মুকলি কৰে।

অষ্টলক্ষ্মী হৈছে মহানুভৱতা আৰু প্ৰতীকবাদৰ মূৰ্ত ৰূপ। ই উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ আৰু প্ৰকৃতিক প্ৰতিনিধিত্ব কৰে ৷ প্ৰতীকীস্বৰূপ এই সুন্দৰ পখিলাটোত ভাৰতৰ ভিন্ন সাংস্কৃতিক আৰ্হি, ভিন্ন ৰং, উত্তৰ-পূব ভাৰতৰ বিবিধ সৌন্দৰ্য সম্বলিত এক মনোমোহা চিত্ৰ প্ৰতিফলিত হৈছে ৷

এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰমানিক, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সচিব কৌছাৰ জামিল হিলালীৰ লগতে উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ ক্ৰীড়া সংগঠক, খেলুৱৈসকলৰ লগতে কেইবাজনো মন্ত্ৰী ৷

ইয়াৰোপৰি উত্তৰ-পূবৰ ক্ৰীড়া আইকন, ৰাষ্ট্ৰীয় পদক বিজয়ী বক্সাৰ পিউইলাও বসুমতাৰী, আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ সুৰজ গোৱালা, আন্তঃৰাষ্ট্ৰীয় টেবুল টেনিছ খেলুৱৈ দিব্যাজ ৰাজখোৱা, ত্ৰিপুৰাৰ জুডোকা ৰিক্সন দেৱ বাৰ্মা উপস্থিত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশ যুৱ প্ৰজন্মক ক্ৰীড়াৰে জড়িত হ’বলৈ উৎসাহিতকৰণত অধিক গুৰুত্ব আৰোপ কৰাৰ জৰিয়তে বিশ্বক্ষেত্ৰত নাম উজ্বলাবলৈ কৰা প্ৰচেষ্টাৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়- "অসম উত্তৰ-পূবৰ ক্ৰীড়াৰ এক গন্তব্যস্থান ৷ অসমত সফলতাৰে দক্ষিণ পূব এছিয়ান গেমছ, খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ দ্বিতীয় সংস্কৰণ আৰু শেহতীয়াকৈ খেল মহাৰণৰ দৰে কেইবাটাও মেগা ইভেণ্ট সফলতাৰে আয়োজন কৰা হৈছে ৷

এই খেল মহাৰণত ৬ লাখতকৈও অধিক ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিবলৈ নাম পঞ্জীয়ন কৰিছে ৷ অলিম্পিকত অসমৰ সু-সন্তান লাভলিনা বৰগোহাঁইৰ দৰে তাৰকা খেলুৱৈসকলে পদক জয় কৰি অসমক বিশ্বৰ মানচিত্ৰত স্থান দিছে ৷ যুৱ বিকাশৰ সন্দৰ্ভত আমি সম্ভৱপৰ সকলো পদক্ষেপ হাতত লৈছো ৷"

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- "এই বৃহৎ আয়োজনত আমাৰ চৰকাৰৰ সমৰ্থন অতুলনীয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৃষ্টিভংগীক সন্মান কৰি আমি আমাৰ ক্ৰীড়া ক্ষেত্ৰখনক অন্য এক মাত্ৰা দিবলৈ সক্ষম হৈছো ৷ আমি ৫,০০০ৰো অধিক অংশগ্ৰহণকাৰীক স্বাগতম জনোৱাৰ বাবে অপেক্ষা কৰি আছো ৷ ইয়াৰোপৰি এই সন্মানীয় অনুষ্ঠানটোৰ বাবে প্ৰতিনিধিসকলক স্বাগতম জনাইছো ৷"

এই অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰমানিকে কয়- "আমি খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি ক্ৰীড়া ২০২৩ ৰ বাবে আগ্ৰহেৰে আশা কৰি আছো ৷ প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী পদক্ষেপক ৰাজ্যবাসীৰ সমৰ্থন দেখি আনন্দিত হৈছো ৷ এই ক্ৰীড়া প্ৰতিযোগতিাৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ দেশজুৰি এক ক্ৰীড়া সংস্কৃতি গঢ়ি তোলা ৷

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নিৰ্দেশনাত ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰখনত খেলুৱৈসকলৰ প্ৰতিভা তথা তেওঁলোকৰ মূল্যবোধে এক সুন্দৰ আলোকসজ্জা হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি খেলুৱৈসকলৰ প্ৰতিভা তথা তেওঁলোকৰ মূল্যবোধক আগবঢ়াই নি ভৱিষ্যত গঢ়ি দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।"

মন্ত্ৰী নিশিথ প্ৰমানিকে কয়- "এছিয়ান গেমছৰ দৰে মঞ্চৰ জৰিয়তে প্ৰসিদ্ধি লাভ কৰা খেলুৱৈসকলৰ সাফল্যৰ পৰা অনুপ্ৰেৰণা লাভ কৰি আমি নৱপ্ৰজন্মৰ খেলুৱৈসকলৰ জীৱন গঢ়া আৰু বাধ অতিক্ৰম কৰি ক্ৰীড়াৰ ক্ষেত্ৰখনত পৰিৱৰ্তন অনা কাৰ্যক একমুখে সলাগ লৈছো ৷"

উল্লেখযোগ্য যে এইবাৰ অসমত আয়োজন কৰা খেল’ ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছ ২০২৩- ত মুঠ ১৬ টা শাখাত অনুষ্ঠিত হ’ব ৷ এই ক্ৰীড়া প্ৰতিযোগিতাতত এথলেটিকছ, ৰাগবী, বাস্কেটবল, ভলীবল, সাঁতোৰ, বেডমিণ্টন, হকী, ফেন্সিং, কাবাডী, ফুটবল, টেনিছ, মাল্লাখাম্ব, জুডো, টেবুল টেনিছ, বক্সিং, শ্বুটিঙকে ধৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব ৷

এইবাৰৰ ক্ৰীড়া প্ৰতিযোগিতাত উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহে পুৰুষৰ বক্সিং, ভাৰোত্তোলন, কুস্তি আৰু যোগসনকে ধৰি ৪টা ইভেণ্টৰ আয়োজকৰ ভূমিকা পালন কৰিব বুলি জনায় ৷