অসম

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশঃ চৰকাৰী মিটিঙত মাছ-মাংসৰ যোগাৰ নকৰিব...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা আয়ুক্ত সন্মিলনত বহুকেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা তথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে আয়ুক্ত সকলক উদ্দেশ্যি কয় যে, নীতি আয়োগে এটা কথা কৈছে যে প্ৰশাসন জিলা পৰ্যায়ত হব লাগিব। ২অক্টোবৰত উপ জিলা আৰম্ভ কৰা হব আনুষ্ঠানিকভাৱে। কামৰূপ জিলাৰ ২খন উপজিলা হব। এই সকলো উপজিলাৰ প্ৰশাসনিক ব্যৱস্থা তথা কাম-কাজ ২অক্টোবৰৰ পৰা আৰম্ভ হব লাগে।

মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ এই বৈঠকত ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ আয়ুক্তক বিশেষভাৱে এক নিৰ্দেশনা প্ৰদান কৰে। তেওঁ কয় যে, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ উপায়ুক্তই অইল ইণ্ডিয়া আৰু চাহ বাগানক অধিক দিয়ক, কাৰন আমাৰ তাৰ পৰা ৰাজহ আহে। কৰিমগঞ্জ আৰু হাইলাকান্দিৰ আয়ুক্তৰ সীমান্তত সময় দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে চিৰাং, বাক্সা, তামুলপুৰৰ আয়ুক্তক ভূটানৰ সৈতে সম্পৰ্ক উন্নতকৰণৰ বাবে নিৰ্দেশ প্ৰদান কৰে ড০ শৰ্মাই।

আনফালে মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ৩১ডিচেম্বৰৰ পূৰ্বে নতুন পঞ্চায়তে দায়িত্ব লব পৰাকৈ সকলো আয়ুক্তক দিহা কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। এই আয়ুক্ত বৈঠকত মুখ্যমন্ত্ৰীগৰাকীকে কেবিনেটৰ খাদ্য প্ৰসংগকো টানি আনি সকলো জিলাৰ আয়ুক্তক কয় যে, কেবিনেট তথা চৰকাৰী মিটিঙত নিৰামিষ খাদ্য খোৱাবৰ বাবে আগৰে পৰাই নিৰ্দেশনা প্ৰদান কৰা আছে। তথাপিও আপোনালোকে মাছ-মাংসৰ যোগাৰ কৰে। এনে কথাত মই বিৰক্ত হও।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, মোক ভাত খোৱালে কাৰোৰে নম্বৰ নাবাঢ়ে। মই মাংস নাখাওলে তথাপিও আপোনালোকে যোগাৰ কৰে আৰু প্ৰচাৰ হৈ যায় যে কেবিনেটত খাবলৈ আহিছে বুলি। গতিকে এইবাৰৰ পৰাৰ কেবিনেট বুলিয়ে নহয় কোনো চৰকাৰী বৈঠকত আমিষ খাদ্য চলিব নালাগে। এয়া মোৰ নিৰ্দেশ। কোনোবা মন্ত্ৰী বিধায়কৰ খাবলৈ মন থাকিলে ধাবাত সোমাই খালেই হল।

এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত যাতে নিৰাপত্তাৰ বাবে সাধাৰণ ৰাইজৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈও নিৰ্দেশ দিয়ে আয়ুক্তসকলক।