অসম

'গান্ধী' উপাধিৰ ওপৰত প্ৰশ্ন মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী স্বৰ্গীয় ইন্দিৰা গান্ধী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ 'গান্ধী' উপাধি ব্যৱহাৰ কৰাৰ বৈধতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। তেওঁ গান্ধী পৰিয়ালক 'ডুপ্লিকেটৰ চৰ্দাৰ' বুলি কয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত ভাষণ দি এই মন্তব্য কৰে। তেওঁ কয় যে, গান্ধী পৰিয়ালে দেশ ভাঙিবলৈ চেষ্টা কৰি আছে। ইয়াৰ লগতে তেওঁ ৰাহুল গান্ধীৰ পৰা গান্ধী উপাধি উভতাই ল'বলৈ আহ্বান জনায়।

শৰ্মাই কয় যে, গান্ধী পৰিয়ালে বহু কেলেংকাৰী কৰিছে। প্ৰথমটো কেলেংকাৰী গান্ধী উপাধি। তেওঁলোকে কেৱল পৰিয়ালবাদৰ প্ৰাধান্য দি দেশ ভঙাৰ চেষ্টা কৰি আছে। ৰাহুল গান্ধীৰ পৰা গান্ধী উপাধি উভতাই লবলৈ মই অনুৰোধ জনাওঁ।

উক্ত কাৰ্যসূচীতে শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসা কৰে। জি-২০ ৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে সকলো কেৱল প্ৰধানমন্ত্ৰীৰ বাবেহে সম্ভৱ হৈছে।

তদুপৰি কংগ্ৰেছে তেওঁলোকৰ শাসনকালত কোনোধৰণৰ ভাল কাম নকৰাৰ অভিযোগ উত্থাপন কৰি কয় যে, নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰ পৰাহে জনতাৰ মাজত দেশভক্তিৰ ভাৱ জন্মিছে। কংগ্ৰেছে ভাৰতৰ স্বাধীনতাৰ ২৫ বা ৫০ বছৰ উদযাপন কৰা নাই। কিন্তু প্ৰধানমন্ত্ৰীয়ে দেশৰ ৭৫ বছৰ উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে বিশ্বগুৰু হোৱাৰ কাম কৰিছে।