অসম

সোমবাৰে ঢকুৱাখনাত ভূমি পট্টা বিতৰণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনা: ভূমিহীন খিলঞ্জীয়া নাগৰিকক মিছন বসুন্ধৰা ২.০ৰ অধীনত ভূমি পট্টা প্ৰদানৰ লক্ষ্যৰে সোমবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আহিব ঢকুৱাখনাত । ঢকুৱাখনা বিধানসভা সমষ্টিটোৰ মুঠ ১২ হাজাৰ ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ।

সোমবাৰে বিয়লি ৩ বজাত ঢকুৱাখনা নগৰৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া  এই অনুষ্ঠানকলৈ প্ৰশাসনীয় ব্যৱস্থা তৎপৰ সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে। প্ৰায় ১২হাজাৰ লোকৰ সমাগম ঘটিব লগীয়া এই অনুষ্ঠানকলৈ চৰকাৰী আয়োজনৰ মাজতে ঢকুৱাখনাবাসী অন্য কিছুমান ৰাজহুৱা বিষয়কলৈহে তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে ।

সমষ্টিটোৰ ১২ হাজাৰ পৰিয়ালৰ ভূমি পট্টা বিতৰণৰ সমান্তৰাল ভাৱে ঢকুৱাখনাবাসী দীৰ্ঘদিন জোৰা জটিল আৰু অতি প্ৰয়োজনীয় সমস্যা সমূহৰ স্থায়ী নিৰাময়ৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী গৰাকীৰ আনুষ্ঠানিক ঘোষণা প্ৰতিগৰাকী ঢকুৱাখনীয়াৰ কাম্য। প্ৰধানকৈ পৰ্যাপ্ত চিকিৎসকবিহীন ঢকুৱাখনা  মহকুমা অসামৰিক চিকিৎসালয়ৰ দুৰৱস্থা নিৰ্মূল কৰা,ঢকুৱাখনা সদৰত লখিমপুৰ জিলা অসামৰিক চিকিৎসালয়খন স্থাপন কৰা , ঢকুৱাখনা মহকুমা প্ৰশাসনত প্ৰতিষ্ঠা কালৰে পৰা খালি হৈ থকা বিভিন্ন বিভাগৰ বিষয়া ,কৰ্মচাৰীৰ পদত  নিযুক্তি দিয়া , মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়,, মহকুমা  নিয়োগ বিনিময় কাৰ্য্যালয়কে প্ৰমুখ্য কৰি  বিভিন্ন বিভাগৰ কাৰ্য্যালয় এতিয়াও স্থাপন নোহোৱা আলংকাৰিক মহকুমাতোৰ এই  বিভাগ সমূহ স্থাপন কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ  পদক্ষেপ প্ৰতিগৰাকী ঢকুৱাখনীয়াৰ কাম্য। 

চৰকাৰী আঁচনিৰ সমান্তৰাল ভাৱে চৰকাৰী সেৱা প্ৰদানকাৰী প্ৰতিটো চৰকাৰী বিভাগ মহকুমা সদৰত স্থাপন কৰাৰ জৰিয়তে জিলা সদৰৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ আঁতৰৰ ঢকুৱাখনাবাসীক প্ৰকৃত আৰু সহজলভ্য চৰকাৰী সেৱা  প্ৰদানৰ পথ প্ৰশস্ত কৰিব বুলি আশাবাদী নাগৰিক। তাৰোপৰি মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰত্যক্ষ আৰু তাৎক্ষণিক হস্তক্ষেপত অদ্যপি  নিৰ্মিত নোহোৱা মহকুমা আৰক্ষী বিষয়াৰ কাৰ্য্যালয় আৰু আৱাস গৃহতো  আবন্তিত ভূমিত নিৰ্মাণ কৰাৰ এক প্ৰক্ৰিয়া  আৰম্ভ হব বুলি আশা কৰিছে নাগৰিকে ।

উল্লেখ্য যে সোমবাৰে বিয়লি ৩ বজাত মুখ্যমন্ত্ৰী গৰাকী ঢকুৱাখনা ৰাজহুৱা খেল পথাৰত উপস্থিত হৈ ১২ হাজাৰ হিতাধিকাৰীক ভূমি পট্টা প্ৰদান কৰিব ।ইয়াকেলৈ  আজি ঢকুৱাখনাত বিশেষ প্ৰশাসনীয় তৎপৰতা আৰম্ভ হৈছে। উত্তৰ অসম সংমণ্ডলৰ আৰক্ষী মহা পৰিদৰ্শক বিজয় কুলি গাম , লখিমপুৰ জিলা আৰক্ষী অধীক্ষক অৰ্পনা নটৰাজন , অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) মুনিন্দ্ৰ দেউৰীযে নিৰাপত্তাজনিত সকলো দিশ তদাৰক কৰিছে ।স্মৰ্তব্য যে ২৭ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী গৰাকীযে ধেমাজিৰ পৰা মাজুলীলৈ ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰীৰে নব নিৰ্মিত পকী পথেৰে বিশাল বাইক ৰেলী কৰি মাজুলীত উপস্থিত হব ।