অসম

এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৰ পিতৃৰ আদ্য শ্ৰাদ্ধত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Asomiya Pratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ যোৱা ১৩ এপ্ৰিল গৰু বিহুৰ দিনটোত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৰ পিতৃ আদুলা কছাৰীয়ে গুৱাহাটীত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছিল। ওদালগুৰি চহৰৰ ৰৌতাৰ সমীপৱৰ্তী বড়োবজাৰৰ ডাওবগামী গাওঁৰ সন্তান কছাৰীৰ মৃত্যুত সমগ্ৰ ওদালগুৰিতে শোঁকৰ ছাই বিৰাজ কৰিছিল।

তেখেতৰ আজি আদ্যশ্ৰাদ্ধ উপলক্ষে বড়োবজাৰৰ ডাওবগামী গাঁৱত পুৱাই উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী ব্যস্ততাৰ মাজতো মুখ্যমন্ত্ৰী গৰাকীয়ে উপস্থিত হৈ আদুলা কছাৰীৰ ছবিত পুষ্পাঞ্জলি অৰ্পন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমৱেদনা জ্ঞাপন কৰে।

সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি শৰ্মাই কয়, "প্ৰয়াত কছাৰী এই অঞ্চলৰ অতি জনপ্ৰিয় ব্যক্তি আছিল। তেখেতে দ্বিপেন বড়োৰ দৰে সু-সন্তান জন্ম দি গ'ল। মই তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলো।" মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী অশোক সিংঘালৰ লগতে কেইৱাগৰাকীও নেতা উপস্থিত থাকে।

ইফালে আজি আদ্যশ্ৰাদ্ধৰ দিনটোত প্ৰয়াত আদুলা কছাৰীৰ আদ্যশ্ৰাদ্ধস্থলীত উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যও। তেখেতে প্ৰয়াত কছাৰীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰাৰ লগতে প্ৰয়াত কছাৰীৰ সহধৰ্মিনী মলী বড়োৰ সৈতে দীৰ্ঘসময় ধৰি আলাপ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমৱেদনা জ্ঞাপন কৰে।

উল্লেখ্য যে আজি বাথৌ ধৰ্মৰ ৰীতি-নীতিৰে পালন কৰা প্ৰয়াত আদুলা কছাৰীৰ আদ্যশ্ৰাদ্ধত বিভিন্ন শ্ৰেণীৰ লোকে উপস্থিত হৈ প্ৰাৰ্থনাত অংশগ্ৰহণ কৰে। প্ৰয়াত আদুলা কছাৰীৰ পুত্ৰ দ্বিপেন বড়োই তেখেতৰ পৰিয়াল তথা সমাজখনৰ হৈ উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰি কয় যে,"পিতৃৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত এই অঞ্চলত এটি পুথিভৰাল আৰু শিশু উদ্য্যান স্থাপন কৰা হব।" উক্ত কাৰ্যত ৰাজ্য চৰকাৰখনেও সহযোগিতা আগবঢ়াব বুলি তেখেতে উল্লেখ কৰে।