অসম

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য্যৰ আজি পৱিত্ৰ পুণ্য তিথি

Asomiya Pratidin

ডিজিটেল ডেস্ক: মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ মোৰ দেশ। মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শ‍ইচ-সোনোৱালী ভৱিষ্যতৰ সপোন...।

আজি ৪জুলাই। অসমীয়া আধুনিক যুগৰ অন্যতম জনপ্ৰিয় কবি তথা গীতিকাৰ হীৰেন ভট্টাচাৰ্য্যৰ পৱিত্ৰ পুণ্য তিথি।

অসমীয়া কাব্য সাহিত্যলৈ এইগৰাকী প্ৰাতঃ স্মৰণীয় কবিৰ অৱদান অপৰিসীম। অসমীয়া ভাষাত ১৩খন কবিতা পুথি প্ৰকাশ কৰাৰ উপৰি বিভিন্ন কাগজে-পত্ৰই লেখা-মেলা কৰি অসমীয়া সাহিত্যৰ ভঁৰাললৈ আগবঢ়াইছে অনস্বীকাৰ্য অৱদান। তেখেতৰ সাহিত্যৰ নৈপুণ্যৰ বাবেই ১৯৯২চনত সাহিত্য অকাডেমী বঁটাৰে সন্মানিত কৰা হৈছিল।

ইয়াৰোপৰি বাংলা ভাষাতো বিশেষ দখল থকা হীৰেন ভট্টাচাৰ্যই দুখনকৈ কাব্য সংকলন অনুবাদ কৰিছে। তেখেতৰ উল্লেখযোগ্য পুথিসমূহৰ ভিতৰত অন্যতম হৈছে ‘সুগন্ধি পখিলা’। এই কাব্য সংকলনখন প্ৰকাশ পাইছিল ১৯৮১চনত। তোমাৰ গান, দিনৰ কবিতা, কবিতাৰ ৰ’দ ইত্যাদি তেখেতৰ অনুপম সৃষ্টি।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১৯৩২ চনৰ ২৮ জুলাইত জন্মলাভ কৰা হীৰেন ভট্টাচাৰ্য্য স্বাস্থ্যজনিত কাৰণ ২০১২ চনৰ ৪জুলাইত সংসাৰৰ মায়া এৰি অজান দেশলৈ গুচি গৈছিল। সেয়ে তেখেতৰ আজিৰ এই পৱিত্ৰক্ষণত সশ্ৰদ্ধ প্ৰণিপাত।