ROAD ACCIDENT  
অসম

চামগুৰিৰ ৰঙাগড়াত শোকাৱহ পথ দুৰ্ঘটনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চামগুৰিৰ ৰঙাগড়াত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন। ৰাজপথ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে এখন ট্ৰাকে মহতিয়াই নিয়ে এজন পথচাৰীক । নিহত হোৱা ব্যক্তিজনৰ এইপৰ্যন্ত পৰিচয় উদ্ধাৰ হোৱা নাই।

দূৰ্ঘটনাটো সংঘটিত কৰা বাহনখনৰ নম্বৰ WB-73G-6091। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পৰা পলায়ন কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন।ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আনহাতে দূৰ্ঘটনাস্থলীত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। ঘটনাস্থলীত উপস্থিত হোৱা চামগুৰি আৰক্ষী থানাৰ এজন বিষয়াৰ কৰ্তব্যনিষ্ঠাই মন ভৰাই তুলিলে প্ৰত্যক্ষদৰ্শীৰ। সময়মতে চাফাইকৰ্মী আহি ঘটনাস্থলীত উপস্থিত নোহোৱাত নিজ হাতেৰেই মৃতদেহৰ পৰিত্যক্ত অংশ ৰাজপথৰ পৰা আঁতৰাই আনিলে আৰক্ষী বিষয়া জয়ন্ত বৰাই। সহায়ক আৰক্ষী ৰবীন ভূঞাৰ সহযোগত জয়ন্ত বৰাই ঘটনাস্থলী নিজেই পৰিস্কাৰ কৰি যাতায়তৰ বাবে উপযোগী কৰি তোলাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ বাবেও সংগ্ৰহ কৰিলে মৃতদেহৰ পৰিত্যক্ত অংশ।