অসম

কনমানি হৰ্ষিত হিয়ান বৰা আৰু নাই

Asomiya Pratidin

ডিজিটেল সংবাদ,ঘিলাধাৰী: গোলাঘাট জিলা আঠখেলীয়া সৰুকছাৰী ৮ মহীয়া কণমানি হৰ্ষিত হিয়ান বৰা আৰু নাই৷ উল্লেখ্য যে যকৃত ৰোগত অতি গুৰুতৰভাৱে আক্ৰান্ত হৈ হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত বিগত ডেৰ মাহ ধৰি চিকিৎসাধীন হৈ আছিল শিশুটি৷

শিশুটি আৰোগ্য কাৰণে ৰাজ্যবাসীয়ে প্ৰাৰ্থনা কৰিছিল যদিও হঠাৎ মঙলবাৰে দিনৰ ভাগত শেষ নিশ্বাস ত্যাগ কৰে ৷