হোজাই

লংকাত এজনক ব্লেডেৰে ডিঙি ৰেপি আক্ৰমণ: অভিযুক্তক আটক উদালী আৰক্ষীৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,লংকাঃ সোমবাৰে লংকাৰ ২নং পিপলপুখুৰীৰ ডালমিয়া চিমেন্ট উদ্যোগৰ সন্মুখত সুৰা সেৱন কৰি ব্লেডেৰে আক্ৰমণৰ কৰাৰ এক ঘটনা সংঘটিত হৈছে। সুৰা সেৱন কৰি জগৎনাথ বৰা নামৰ এজন ট্ৰাক চালকক ব্লেডেৰে ডিঙিত আক্ৰমণ কৰে। কথমপি প্ৰাণৰক্ষা পৰে ট্ৰাক চালকজনৰ।

ইফালে ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত হুৱাদুৱা লাগে। ঘটনাস্থলীত উদালী আৰক্ষী উপস্থিত হৈ আক্ৰমণকাৰী ট্ৰাক চালক মিলনজ্যেতি বৰাক আটক কৰে।

উল্লেখ্য যে, সুৰা সেৱন কৰি ব্লেডেৰে আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰে সুৰাসক্ত অৱস্থাত থকা আক্ৰমণকাৰী,ট্ৰাকৰ হেণ্ডিমেন মিলনজ্যেতি বৰাই। আনহাতে অবৈধভাৱে হোটেলত সুৰাৰ ব্যৱসায় চলাই অহাৰ কথা স্বীকাৰ কৰে হোটেলৰ গৰাকী ৰীণা দেৱীয়ে।

জানিব পৰা মতে,হোটেলৰ পাছফালে থকা ভাৰাঘৰত প্ৰথমে দুয়োজনৰ কথাৰ তৰ্কাতৰ্কি লাগিছিল। পাছত মিলনজ্যেতি বৰাই জগৎনাথ বৰাক ব্লেডেৰে আক্ৰমণ কৰে।