হোজাই

লামডিঙত বিজেপি কৰ্মীৰ বিজয় উৎসৱ পালন

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিং: সমগ্ৰ ভাৰতবৰ্ষৰ লগতে লামডিং ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়তো উৎযাপন কৰা হৈছে বিজয় উৎসৱ। লামডিঙৰ বিজেপি কাৰ্যালয়ত আতচবাজী ফুটাই পালন কৰা হৈছে অৱতৰীয়া দেৱালী । ৩ খন ৰাজ্যত বিজেপিয়ে অধিক ভোটত জয় লাভ কৰাৰ আনন্দত মতলীয়া হৈ পৰিছে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ লগতে লামডিং সমূহ বিজেপিৰ সদস্যসকল ।

ফঁটাকা ফুটাই আনন্দ প্ৰকাশ কৰি বিধায়ক শিবু মিশ্ৰই কয় যে, এই জয় ৰাইজৰ জয় সততাৰ জয় । ভাৰতৰ ৰাইজ বুৰ্বক নহয় তেওঁলোকে ২০১৪ পৰা ২০২৩ লৈ কিমান বিকাশ হৈছে সেই প্ৰতি লক্ষ্য ৰাখি হে বিজেপিক জয় কৰিছে।