লামডিঙত চিকিৎসক, চিকিৎসা কৰ্মীৰ বিশেষ সন্মানঃ কৰ্কট ৰোগৰ সন্দৰ্ভত সজাগতা সভা 
হোজাই

লামডিঙত চিকিৎসক, চিকিৎসা কৰ্মীৰ বিশেষ সন্মানঃ কৰ্কট ৰোগৰ সন্দৰ্ভত সজাগতা সভা

Asomiya Pratidin

ডিজিটেল সংবাদ লামডিংঃ লামডিঙত সোমবাৰে চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি লামডিং অসামৰিক চিকিৎসালয়ৰ উদ্যোগত কালিবাৰিস্থিত ৰুদ্ৰক্ষ ভৱনত আয়োজন কৰা হয় এক সাংস্কৃতিক সন্ধিয়া। উক্ত অনুষ্ঠানত লামডিং অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকল উপস্থিত থকাৰ লগতে লামডিং ৰে'লৱে হাস্পতালৰ চিকিৎসকসকলেও অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লামডিং দুয়োখন চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুমিত্ৰা দে আৰু ডাঃ মনোজ কান্ত সিং। চিকিৎসক দিৱসৰ উপলক্ষে অসামৰিক চিকিৎসালয়খনৰ তৰফৰ পৰা লামডিং গ্ৰামাঞ্চলৰ শতাধিক ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ লগতে কৰ্কট ৰোগৰ বিৰুদ্ধে কেনেকৈ যুঁজ দিব সেই সন্দৰ্ভত সজাগ কৰে ৰাইজক।

এই অনুষ্ঠানত বিশেষকৈ ৰে'লৱে আৰু অসামৰিক চিকিৎসালয় দুয়োখনত নিষ্ঠাৰে ৰোগীৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰি অহা চিকিৎসা কৰ্মীসকলক বিশেষ সন্মান জনোৱা হয় । দীৰ্ঘদিন ধৰি নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰা নাৰ্চৰ লগতে চিকিৎসা কৰ্মী, চাফাই কৰ্মী, বিশিষ্ট সমাজ সেৱক, বিশিষ্ট কণ্ঠ শিল্পীৰ লগতে সংবাদকৰ্মীকো এই সন্মান প্ৰদান কৰে।

ইয়াৰোপৰি এই অনুষ্ঠানৰ বিশেষ অতিথি ডিফু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তা চিকিৎসক উমা দাসক বিশেষ সন্মান জনোৱা হয়। চিকিৎসক দিৱসৰ লগত সংগতি ৰাখি কৰ্কট ৰোগৰ সম্পৰ্কে এখনি সজাগতা সভাও অনুষ্ঠিত কৰে অনুষ্ঠানটিত।

চিকিৎসক উমা দাসে মহিলা সকলক Breast Cancerৰ সন্দৰ্ভত কেনেদৰে সতৰ্ক হোৱাৰ প্ৰয়োজনে সেই সম্পৰ্কে সজাগ কৰে। এই জটিল ৰোগৰ পৰা মহিলাসকলে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰাৰ লগতে ইয়াৰ বিৰুদ্ধে কেনেদৰে যুঁজ দিব লাগে এই বিষয়ে উপস্থাপন কৰে।