লামডিঙত এইবাৰ জব্দ বিদেশী চিগাৰেট...  
হোজাই

লামডিঙত এইবাৰ জব্দ বিদেশী চিগাৰেট...

Asomiya Pratidin

ডিজিটেল সংবাদ লামডিংঃ লামডিং ৰে'লৱে জংচনত এইবাৰ জব্দ বৃহৎ পৰিমাণৰ বিদেশী সামগ্ৰী ৷ আজি লামডিং আৰ পি এফে চি আই বি দলে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট।

সদা সষ্টম লামডিং আৰ পি এফৰ চি আই বি দলে আজি ১৩১৭৬ নামনিমুৱা শিয়ালদাহ-শিলচৰ কাঞ্চনজঙ্গা এস্কপ্ৰেছৰ B1 এচি ডবাৰ পৰা জব্দ কৰে চিগাৰেটখিনি৷ জব্দ কৰা চিগাৰেটখিনিৰ পৰিমাণ ৪৬৮০ পেকেট।

এই চিগাৰেটখিনি কঢ়িয়াই অনা দুই সৰবৰাহকাৰীকো দলটোৱে আটক কৰিছে। আটোকাধীন সৰৱৰাহকাৰী দুজন ক্ৰমে কেৰালাৰ জিচাদ এ কে আৰু হৰিছ ভী ৷

এই বিদেশী চিগাৰেটখিনি তেওঁলোকে শিলচৰৰ পৰা কেৰেলালৈ সৰৱৰাহৰ চেষ্টা কৰিছিল। জব্দ কৰা বিদেশী চিগাৰেটখিনিৰ বজাৰমূল্য আনুমানিক ৯ লাখ টকা হ'ব বুলি জানিব দিয়ে ৷