অসম ৰাজ্য ভাষা আইন ১৯৬০ প্রয়োগৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ... 
হোজাই

অসম ৰাজ্য ভাষা আইন ১৯৬০ প্রয়োগৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ...

হোজাই জিলা সাহিত্য সভাই জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰিলে এই স্মাৰক পত্ৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,হোজাই: অসম সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সংৰক্ষণ, সংবর্ধন আৰু প্ৰচাৰৰ বাবে ১৯১৭ চনৰ পৰাই নিৰলসভাৱে কাম কৰি আহিছে। অসমৰ সকলো চৰকাৰী অনুষ্ঠান-প্রতিষ্ঠানতে অসমীয়া ভাষা প্ৰয়োগৰ বাবে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ৰাজ্যভাষা আইন প্ৰণয়ন কৰিবৰ বাবেও চৰকাৰক দাবী জনাই অহা হৈছিল।

সভাৰ প্ৰচেষ্টা আৰু অসমৰ ৰাইজৰ দাবীৰ প্রতি সঁহাৰি জনাই অসম বিধান সভাই ১৯৬০ চনত 'অসম ৰাজ্য ভাষা আইন ১৯৬০' বিধেয়ক গ্রহণ কৰে আৰু অসমৰ মহামহিম ৰাজ্যপালৰ অনুমোদনৰ পাছত এই আইনত পৰিণত হয়। অসম চৰকাৰৰ এই মহৎ পদক্ষেপ অসমৰ ইতিহাসত সোণালী আখৰেৰে জিলিকি থাকিব। পৰৱৰ্তী সময়ত তিনিবাৰকৈ এই আইন ক্রমে ১৯৬১, ১৯৭০ আৰু ২০২০ চনত সংশোধনো কৰা হয়।

কিন্তু পৰিতাপৰ বিষয় যে অসম সাহিত্য সভা আৰু অসমৰ ৰাইজৰ ঐকান্তিক চেষ্টাৰ ফল 'অসম ৰাজ্য ভাষা আইন ১৯৬০' খন সুদীর্ঘ ৬৩ বছৰ অতিক্ৰম কৰাৰ পাছতো ইয়াৰ যথার্থ প্রয়োগ পৰিলক্ষিত হোৱা নাই। ইতিপূর্বে এই সম্পর্কত বিভিন্ন সময়ত বিভাগীয় কর্তৃপক্ষৰ সভাৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছিল যদিও কোনো সুফল পোৱা নগল।

গতিকে অসমৰ বৰ্তমান গতিশীল মুখ্যমন্ত্রীক সভাৰ তৰফৰ পৰা সন্মান সহকাৰে অসমীয়া ভাষা-সাহিত্য- সংস্কৃতি ৰক্ষাৰ বৃহত্তৰ স্বাৰ্থত 'অসম ৰাজ্য ভাষা আইন ১৯৬০' তৎকালীনভাৱে যথাযথ প্রয়োগৰ ব্যৱস্থা গ্রহণ কৰি অসমীয়া ভাষাক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ আহব্বান জনায়৷ লগতে মুখ্যমন্ত্রীক অসমৰ প্ৰতিখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত দশম শ্রেণী পর্যন্ত বাধ্যতামূলকভাৱে অসমীয়া ভাষাটো এটা বিষয় হিচাপে অধ্যয়নৰ ব্যৱস্থাৰ বাবে ইতিবাচক পদক্ষেপ গ্রহণ কৰিবলৈ অনুৰোধ জনোৱা হয়৷

ইয়াৰ লগতে অসমৰ চৰকাৰী-বেচৰকাৰী সকলো ব্যৱসায়-বাণিজ্য কেন্দ্ৰৰ নামফলকসমূহত অসমীয়া ভাষাৰ ব্যৱহাৰ সুনিশ্চিত কৰাৰ অর্থে জিলাসমূহৰ আয়ুক্তসকলক বিশেষ নির্দেশনা প্রদান কৰিবলৈও এই স্মাৰক-পত্ৰৰ জৰিয়তে অনুৰোধ জনোৱা হয়৷ আজি হোজাই আয়ুক্তৰ জৰিয়তে অসম সাহিত্য সভা হোজাই জিলা সমিতিৰ এটি সজাতি দলে স্মাৰকপত্ৰ প্ৰদান কৰে৷

এই সজাতি দলত জিলা সভাৰ সভাপতি ড° ইন্দ্রজিৎ বেজবৰুৱা,সম্পাদক বিৰাজ কুমাৰ বৰা,সহঃ সম্পাদকদ্বয় অচুত ঠাকুৰীয়া,অৰুণ বৰা,প্ৰচাৰ সম্পাদক বাচিত আলম চৌধুৰী, কবি সন্মিলন উপ সমতিৰ সভানেত্ৰী কল্পনা দেৱী গোস্বামী, আাকাশ উপ সমিতিৰ সভানেত্ৰী অনিমা বৰুৱা, যুৱ সংসদ উপ সমিতিৰ আহ্বায়ক ছাদিকুজ জামান,জিলা কাৰ্যনিৰ্বাহক তুলসী চাহু উপস্থিত থাকে৷

লগতে আজি কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সৈতে আৱৰ্ত ভৱণত হোজাই জিলা সাহিত্য সভাৰ প্ৰতিনিধি দলে সৌজন্যমূলক সাক্ষাৎ কৰি সাংগঠনিক তথা আন্তগাঁথনি সন্দৰ্ভত এক আলোচনাত মিলিত হয়৷ ঘণ্টাজোৰা এই আলোচনাত সাংসদ গৰাকীয়ে সৰ্বোতোপ্ৰকাৰ সহায় কৰা সন্মতি প্ৰকাশ কৰে৷