হোজাই

লামডিঙত IPL জুৱাৰী আটক

Asomiya Pratidin

ডিজিটেল সংবাদ,লামডিংঃ জুৱাৰ ৰমৰমীয়া বেহাই ছানি ধৰিছে লামডিংৰ একাংশ যুৱ প্ৰজন্মক।সেয়ে IPL জুৱাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে হোজাই আৰক্ষী।শুকুৰবাৰে নিশা লামডিঙত হোজাইৰ উপ-আৰক্ষী অধীক্ষক সীমান্ত শর্মাৰ নেতৃত্বত এটা দলে অভিযান চলাই এজন যুৱকক আটক কৰে।

আটকাধিন যুৱকজন লামডিঙৰ কুখ্যাত জোৱাৰী সুপ্রিত সিং বেদি ওৰফে প্ৰিঞ্চ।মোবাইল এপৰ জৰিয়তে ঘৰত বহি IPL ৰ জুৱাৰ বেহা চলাই থকা অৱস্থাত আৰক্ষীয়ে সুপ্রিতক আটক কৰে।

জানিব পৰা মতে প্ৰিঞ্চক আটক কৰা পাছত বহু জোৱাৰীৰ বিৰুদ্ধে তথ্য লাভ কৰিছে আৰক্ষীয়ে। বৰ্তমান প্ৰিন্সৰ বিৰুদ্ধে ৫১/২৪ নং ধাৰাত গোচৰ ৰুজু কৰি আদালতলৈ প্ৰেৰণ কৰিছে।