হোজাই

কাকীত অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ ৫ম পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহ সভা

Asomiya Pratidin

ডিজিটেল সংবাদ,লংকাঃ হোজাই জিলাৰ কাকীত অসম সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ পঞ্চম পূৰ্ণাঙ্গ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হৈছে। জিলা সাহিত্য সভাৰ উদ্যোগত তথা কাকী শাখা সাহিত্য সভাৰ আতিথ্যত অনুষ্ঠিত হৈছে পঞ্চম কাৰ্যনিৰ্বাহ সভাখন।

সেই অনুসৰি, পুৱা অসন সাহিত্য সভাৰ পতাকা উত্তোলনৰে অনুষ্ঠানৰ আৰম্ভণি হয়।পতাকা উত্তোলন কৰে অসম সাহিত্য সভাৰ উপ সভাপতি ডা. গিৰিশ সন্দিকৈয়ে।ইয়াৰ পিছতে স্মৃতি তৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰে অসম সাহিত্য সভাৰ ধনভড়ালী মিহিৰ বৰা আৰু হোজাই জিলা সাহিত্য সভাৰ সভাপতি ডা. ইন্দ্ৰজিত বেজবৰুৱাই।

দুদিনীয়াকৈ অনুষ্ঠিত পঞ্চম বাৰ্ষিক কাৰ্যনিৰ্বাহক সভাখনিত দেওবাৰলৈ কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীত অসম সাহিত্য সভাৰ সভাপতিকে ধৰি ৰাজ্যখনৰ প্ৰতিখন জিলাৰ প্ৰতিনিধিসকল উপস্থিত থাকিব।