হোজাই

লংকাত ধাৰাবাহিক চুৰিকাণ্ডঃ আলমাৰি ভাঙি লুটি নিলে আ-অলংকাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,লংকাঃ লংকাত ধাৰাবাহিক চুৰিকাণ্ডই টোপনি হৰিছে লংকাবাসীৰ।লংকাৰ ৬ নং ৱাৰ্ডৰ ফৰেষ্ট গেটত সংঘটিত হয় এই চুৰিকাণ্ড। মন্টু শ‌ইকীয়া নামৰ লোকজনৰ ঘৰত গৃহস্থ নথকাৰ সুযোগতে চোৰে লুটপাত চলায়।

আলমাৰিৰ লকাৰ ভাঙি চোৰে লুটি নিয়ে ৩ ভৰি সোণৰ অলংকাৰ সহ নথি-পত্ৰ। জানিব পৰা মতে, ঘৰৰ পিছ ফালৰ গ্ৰীলৰ তলা ভাঙি চোৰে ঘৰটোত প্ৰৱেশ কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।