লামডিং আৰক্ষী থানাত টকা দিলেই পঞ্জীয়ন নহয় গোচৰঃ মহিলা ASI ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ... 
হোজাই

লামডিং আৰক্ষী থানাত টকা দিলেই পঞ্জীয়ন নহয় গোচৰঃ মহিলা ASI ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল সংবাদ লামডিংঃ ৰক্ষকেই ভক্ষক হৈ পৰিল লামডিং আৰক্ষী থানাত।পাৰিবাৰিক কণ্ডল মীমাংসাৰ বাবে ল'লে ১৫ হাজাৰকৈ টকাৰ উৎকোচ। অসম আৰক্ষীত পুনৰ কালিমা সানিলে লামডিং আৰক্ষী থানাৰ এগৰাকী মহিলা এ এছ আইয়ে।

অভিযোগ অনুসৰি পাৰিবাৰিক কণ্ডলৰ বাবে লামডিং আৰক্ষীৰ কাষ চাপিছিল দেৱী দাস নামৰ এগৰাকী মহিলা। পাছত এই অসহায় মহিলাগৰাকীৰ গোচৰ আৰক্ষী থানাতে মীমাংসা কৰি দিয়াৰ নামত এ এছ আই ভাৰতী বৰাই ১৫ হাজাৰ টকা দাবী কৰি বিষ্ণু শৰ্মা নামৰ গাওঁৰক্ষী বাহিনীৰ সভাপতিগৰাকীৰ মাধ্যমেৰে গ্ৰহণ কৰে।

উল্লেখ্য যে, পূৰ্বেও এই মহিলাগৰাকীৰ বিৰুদ্ধে আছে উৎকোচ লোৱাৰ এনে বহু অভিযোগ। স্থানীয় ৰাইজৰ অভিযোগ এই এ এছ আইগৰাকীয়ে টকা লৈ পঞ্জীয়ন নকৰে গোচৰ। ইয়াৰ পৰিৱৰ্তে উৎকোচ লৈ থানাৰ ভিতৰতেই গোচৰ মীমাংসাতহে গুৰুত্ব দিয়ে।

এই আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পাছতে আজি লামডিং আৰক্ষী থানাত উপস্থিত হয় হোজাইৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তা। তেওঁ এই অভিযোগৰ তদন্ত কৰিছে।

সমান্তৰালকৈ তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল'জ কৰিছে অভিযুক্ত মহিলা এ এছ আই গৰাকীৰ। ইফালে গোচৰ মীমাংসাৰ বাবে এ এছ আই ভাৰতী বৰাই টকা সংগ্ৰহত ব্যৱহাৰ কৰা বিষ্ণু শৰ্মাকো সোধপোছ চলাই থকা হৈছে।

জানিব পৰা মতে এই ঘটনাৰে জড়িত হৈ আছে আন কেইবাজনো লোক। এই সকলোকে আটক কৰিব আৰক্ষী সূত্ৰত জানিব পৰা গৈছে। অৱশ্যে লামডিং আৰক্ষী থানাত উপস্থিত হোৱাৰ সময়ত সাংবাদিকৰ সৈতে কোনো কথাই নাপাতিলে আৰক্ষী অধীক্ষকগৰাকীয়ে। স্থানীয় ৰাইজৰ দাবী এই মহিলাগৰাকীৰ বিৰুদ্ধে গ্ৰহণ কৰক কঠোৰ পদক্ষেপ।