লংকাৰ কাকীত অবৈধ অস্ত্ৰসহ এজনক আটক... 
হোজাই

লংকাৰ কাকীত অবৈধ অস্ত্ৰসহ এজনক আটক...

Asomiya Pratidin

ডিজিটেল সংবাদ লংকাঃ লংকাৰ কাকীত অবৈধ অস্ত্ৰৰ সৈতে এজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে কাকী আৰক্ষীয়ে। দেওবাৰে পাছবেলা এক গোপন সূত্ৰৰ আধাৰত অভিযান চলাই কাকী আৰক্ষীয়ে ৰামপুৰৰ পৰা আটক কৰে অবৈধ অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত জমিৰ উদ্দিনক।

জমিৰ উদ্দিনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা ৭ পইণ্ট ৬৫ এম এম পিষ্টল আৰু দুটা সজীৱ গুলী জানিব পৰা মতে অস্ত্ৰ সৰবৰাহৰ সৈতে জড়িত থকা জমিৰ উদ্দিন দক্ষিণ দেৱস্থানৰ মৌজাদাৰ।

আৰক্ষীয়ে অবৈধ অস্ত্ৰ আৰু দুটা গুলীৰ উপৰিও কেতবোৰ আপত্তিজনক সামগ্ৰীও জব্দ কৰিছে বুলি জানিব পৰা গৈছে।