হোজাই

বাঘ ঐ বাঘ : নীলবাগানৰ মেথিগাঁৱত আতংক !

Asomiya Pratidin

ডিজিটেল সংবাদ,হোজাই : হোজাই জিলাৰ নীলবাগান মেথিগাঁৱৰ কৱৰস্থানত বাঘ ওলোৱাৰ খবৰক লৈ আতংকিত হৈ পৰিছে গঞাঁ । স্থানীয় লোকে শুকুৰবাৰে সন্ধিয়া পোৱালীসহ এটি বাঘ প্ৰত্যক্ষ কৰা বুলি ডবকা বন বিভাগক খবৰ দিয়ে।

নিশায়েই বন বিভাগ আৰু আৰক্ষীৰ লোকে বহু সময় ধৰি অঞ্চলটোত অভিযান চলায় । নিশালৈকে অভিযান চলাই বাঘৰ কোনো সম্ভেদ নোপোৱাত পুনৰ পুৱাৰে পৰা বন বিভাগৰ লোকে আহি কেবাঘন্টা ধৰি জেচিবিৰ সহায়ত অভিযান চলাই অৱশেষত ৰাইজে অভিযোগ কৰা ধৰণে বাঘৰ কোনো সম্ভেদ লাভ নকৰিলে।