লংকাত গ্ৰাহকৰূপী চোৰক আটক কৰি গতালে আৰক্ষীক... 
হোজাই

লংকাত গ্ৰাহকৰূপী চোৰক আটক কৰি গতালে আৰক্ষীক...

Asomiya Pratidin

ডিজিটেল সংবাদ লংকাঃ লংকাত গ্ৰাহকৰূপত আহি ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী চোৰ কৰি থকা এজন ব্যক্তিক আজি ব্যৱসায়ীয়ে ধৰি আৰক্ষীক চমজাই দিয়ে। গ্ৰাহকৰ ৰূপত আহি চুৰি কাৰ্য সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত এই ব্যক্তিজনৰ নাম ইনামুল হুছেইন ওৰফে ভাইটী আলী।

অভিযোগ অনুসৰি যোৱা এটা বছৰে কাকী টঙীয়াৰ ইনামুলে দুলাল ভৌমিক নামৰ এজন ব্যৱসায়ীৰ সামগ্ৰী ক্ৰয় কৰাৰ চলেৰে আহি বিভিন্ন সামগ্ৰী চুৰি কৰি আহিছিল। এনে চুৰি কাৰ্যৰ বাবে ইনামুলে এটা নকল ছাবিও তৈয়াৰ কৰি লৈছিল।

এইদৰেই যোৱা দেওবাৰেও এই নকল ছাবিৰ সহায়তে ইনামুলে ব্যৱসায়ীক প্ৰতিষ্ঠানখনলৈ আহি সামগ্ৰী ক্ৰয়ৰ চলেৰে প্ৰায় ৩০ হাজাৰ টকা চুৰি কৰি নিয়ে। আজিও ইনামুলে সেই একেই পন্থা ল'বলৈ চেষ্টা কৰাৰ সময়তে দুলাল ভৌমিকে এটা মোবাইল গোপনে ৰাখি সকলো দৃশ্যমোবাইলটোৰ কেমেৰাত বন্দী কৰে।

ইয়াৰ পিছতে ইনামুলে সংঘটিত কৰা সমগ্ৰ চুৰি কাণ্ড মোবাইলটোত ভিডিঅ' ৰেকৰ্ডিং হৈ ৰয়। পাছত ইনামুলক কৰায়ত্ত কৰি লংকা আৰক্ষীক গতাই দিয়ে।