অসম

ৰঙাচকুৱাত অমৃত কলহৰ জৰিয়তে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে দিল্লীৰ অমৃত উদ্যান নিৰ্মাণত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰতিটো পৰিয়ালৰ পৰা চলিছে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান ৷ এই উপলক্ষে বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত চতিয়া সমষ্টিৰ প্ৰতিটো গাঁও পঞ্চায়তত এই অভিযান চলিছে.

ইয়াৰ মাজতে বুধবাৰে পশ্চিম মুঢ়াদল গাঁও পঞ্চায়ত এলেকাৰ বৃহত্তৰ ৰঙাচকুৱা অঞ্চলৰ মিচিং, গোৰ্খা লোকসকলৰ পৰিয়ালৰ গৃহৰ পৰাও অমৃত কলহৰ জৰিয়তে চলে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযান ৷ এই উপলক্ষে পুৱা ৰঙাচকুৱা সামূহিক ভৱনত ভূমি সংগ্ৰহ অভিযানৰ শুভাৰাম্ভ কৰে নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙে ৷

অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নদুৱাৰ খণ্ড উন্নয়ন বিষয়া বিপুল বৰা, পশ্চিম মুঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিমাদ্ৰী দেৱীয়ে৷ অমৃত কলহৰ জৰিয়তে পৱিত্ৰ ভূমি সংগ্ৰহ অভিযানত জীৱিকা সখী ও আইমাতৃসকলে অংশগ্ৰহণ কৰে ৷