অসম

কলিতে মৰহি গ’ল ক্ৰিকেটাৰ হোৱাৰ আশা ! বিদ্যুৎস্পৃষ্ট হৈ অকাল বিয়োগ কিশোৰ ছাত্ৰৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক : এগৰাকী খেলুৱৈ হোৱাৰ আশাৰে ক্ৰিকেটৰ অনুশীলন কৰি থকা অৱস্থাতে অকাল মৃত্যুক আঁকোৱালি ল’লে ১৩ বছৰীয়া ছাত্ৰই। দিল্লীৰ ৰানহোলা এলেকাৰ পি এইছ-২ নামৰ খেলপথাৰখনত ক্ৰিকেটৰ অনুশীলন কৰি থাকোতে বিদ্যুৎস্পৃষ্ট হৈ মাটিত বাগৰি পৰে উদীয়মাণ খেলুৱৈগৰাকী।

ঘটনা অনুসৰি ছাত্ৰজনে অনুশীলন কৰি থকাৰ সময়তে ক্ৰিকেট বলটো খেলপথাৰৰ বাহিৰলৈ যায়। তেনেতে ছাত্ৰজনে বলটো আনিবলৈ যাওতে ওচৰতে থকা বিদ্যুৎ পৰিবাহী তাঁৰ তেঁওৰ শৰীৰত লাগে।

বিদ্যুৎ পৰিবাহী তাঁৰে স্পৰ্শ কৰাৰ ফলত তেঁও লগে লগে মাটিত ধলি পৰে। ইয়াৰ পাছতে আহত ছাত্ৰজনক স্থানীয় লোকে হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পৰিয়ালাৰ লোকে জানিবলৈ দিয়া মতে এগৰাকী ক্ৰিকেটাৰ হোৱা আশা পুহি ৰাখিছিল দুৰ্ভগীয়া ছাত্ৰজনে।

ইফালে এই ঘটনাৰ পাছতে ১০৬(১) বিএনএছৰ ধাৰাৰ অধীনত এক গোচৰ পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে। তাৰোপৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে। আনহাতে উক্ত ঘটনাৰ বাবে বিদ্যুৎ বিভাগ প্ৰতি অভিযোগৰ আঙুলি টোঁৱাইছে একাংশ লোকে।