নতুন বছৰৰ পুৱাই চাই লওক দিনটোৰ ৰাশিফল... 
অসম

নতুন বছৰৰ পুৱাই চাই লওক দিনটোৰ ৰাশিফল...

Asomiya Pratidin
শুভমস্তু, ভাস্কৰাব্দ ১৪৩০, শকাব্দ ১৯৪৫, খ্রীষ্টাব্দ ২০২৪, হিজৰী ১৪৪৫।। আজি ১৫ পুহ, ১ জানুৱাৰী, ১৮ জমাদিয়চ চানি, সোমবাৰ।। গুৱাহাটীত সূর্যোদয় ৬/১১/৪৩ বজাত। সূর্যাস্ত ৪/৪০/৫৯ বজাত।। সূর্যোদয়কালীন কৃষ্ণপক্ষৰ পঞ্চমী তিথি (দিনৰ ২.২৯ বজালৈ), ১০ নং মঘা নক্ষত্র (পুরা ৮.৩৬ লৈ), সিংহ ৰাশি, আয়ুষ্মান যোগ, তৈতিল কৰণ।। আজি ১৪৩০ ভাস্কৰাব্দৰ দ্বিষষ্ঠ্যাধিকদ্বিশততম দিৱস।। আজি ইংৰাজী ২০২৪ বৰ্ষৰ আৰম্ভণী দিন।। সংখ্যাতত্ত্বৰ মতে আজি ৰবি গ্রহৰ শুভাশুভ মিশ্রিত কাৰক দিন।।

মেষ: মেষ বাশিৰ বাবে দিনটো শৰীৰৰ শুভ কাৰক। মানসিক, প্রেম- প্রীতি আৰু পাৰিবাবিকত মধ্যমীয়া। শিক্ষার্থীৰ মনত আশংকা বাঢ়িব। সাহিত্যিক, শিল্পী আৰু খেলুৱৈসকলৰ কিছু সফলতা আহিব। ৰাজনীতিক, বুদ্ধিজীবী আৰু সমাজকর্মীৰ উৎসাহ বৃদ্ধি পালেও মনৰ অস্থিৰতা বৃদ্ধি হ'ব। বাণিজ্য আৰু কর্মক্ষেত্রত কিছু সুফল পাব। নতুন বছৰটো শান্তিময় হওক।

বৃষ: বৃষ ৰাশিৰ বাবে দিনটো শাৰীৰিক শান্তি থাকিব। মানসিক অশান্তি হ'ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত মধ্যম কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চিন্তা বাঢ়িব। সাহিত্যিক, শিল্পীৰ মনৰ অশান্তিৰ মাজতো উন্নতি সাধন হ'ব। ৰাজনীতিক আৰু সমাজকর্মীৰ মানসিক অস্থিৰতা বাঢ়িব। কর্ম আক বাণিজ্যত কিছু লাভৱান হ'ব। নতুন বছৰ সুখময় হওক।

মিথুন: মিথুন ৰাশিৰ বাবে দিনটো শৰীৰৰ সুস্থতা থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্রত সুখ-শান্তি থাকিব। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্রত সফলতাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ ব্যস্ততা বৃদ্ধিয়ে অশান্তি দিব যদিও উন্নতি কাৰক হ'ব। ৰাজনীতিক আৰু সমাজকর্মীৰ মনৰ অসন্তুষ্টি থাকিব। বাণিজ্য আৰু কর্মক্ষেত্রত বিশেষ লাভবান হ'ব। নতুন বছৰত আশাবোৰ পূৰণ হওক।

কর্কট: কৰ্কট ৰাশিৰ আজিৰ দিনটো শাৰীৰিক মধ্যমীয়া হ'ব। প্রেম- প্রীতি আৰু সাংসাৰিক দিশত শুভ। বিদ্যার্থীৰ উৎসাহ-উদ্দীপনা বৃদ্ধিৰ যোগ। সাহিত্য, ক্রীড়া, সংস্কৃতিত যুক্ত লোকৰ আর্থিক অশান্তিৰ মাজতেই কিছু সফলতা লাভৰ যোগ। ৰাজনীতিকৰো দুশ্চিন্তা বাঢ়িব। কর্ম, বাণিজ্যত আশানুৰূপভাবে উপার্জন নহ'ব। নতুন বছৰ সমৃদ্ধিৰে ভৰি পৰক।

সিংহ: সিংহ ৰাশিৰ আজিৰ দিনটো শৰীৰ সুস্থ থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিক দিশত শুভ কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ পৰিকল্পনাত আউল লাগিব। সাহিত্যিক, শিল্পীৰ কিছু উন্নতিৰ যোগ। ৰাজনীতিক, বুদ্ধিজীবী আৰু সমাজকর্মীৰ মানসিক অশান্তি হ'ব। কর্মক্ষেত্র আক বাণিজ্যত কিছু লাভৰ যোগ। নতুন বছৰটো নতুনত্বৰে প্রোজ্বল হৈ পৰক।

কন্যা: কন্যা ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্রত শুভ যদিও মানসিক ক্ষেত্রত অস্থিৰতা থাকিব। পাৰিবাৰিক আৰু প্ৰেমত শুভ কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্রত উৎসাহ বৃদ্ধি পাব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ ব্যস্ততা বাঢ়িব পাৰে। ৰাজনীতিক আৰু সমাজকর্মীৰ চিন্তা বৃদ্ধি পাব। বাণিজ্য আৰু কর্মক্ষেত্রত অধিক পৰিশ্ৰম হ'ব। আশাবোৰ পূৰণ হওক এই নতুন বছৰটোত।

তুলা: তুলা ৰাশিৰ বাবে দিনটো শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্রেম আৰু সাংসাৰিকত শুভ। বিদ্যার্থীৰ অধ্যয়নৰ ক্ষেত্রত অশান্তি কাৰক। সাহিত্য, ক্রীড়া-সংস্কৃতি আৰু সংবাদ সেৱাৰ লগত যুক্তসকলৰ পেছাদাৰী মনোভাব বৃদ্ধি পাব। ব্যৱসায় বাণিজ্য আৰু কর্মত মধ্যমীয়া। নতুন বছৰে দেহ-মনৰ সুস্থতা অটুট ৰাখক।

বৃশ্চিকঃ বৃশ্চিক ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভ। মানসিক, প্রেম- প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষার্থীৰ মনত কিছু উৎসাহ বাঢ়িব। সাহিত্য-সংস্কৃতি আৰু সমাজকর্মৰ লগত জড়িতসকলৰ সামান্য উন্নতিৰ যোগ। ৰাজনীতিক আৰু সংবাদ কর্মীৰ অশান্তি থাকিব। কর্ম আৰু বাণিজ্যত কিছু লাভৰ যোগ। নতুন বছৰটো সুখ্যাতিৰে উপচি পৰক।

ধনুঃ ধনু ৰাশিৰ বাবে দিনটো শাৰীৰিক ক্ষেত্রত শুভ কাৰক। মানসিক অশান্তিও হ'ব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিক দিশত শুভ কাৰক। সাহিত্য, ক্রীড়া, সংস্কৃতিত জড়িত লোকৰ লাভৰ যোগ। বিদ্যার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ কাৰক। ৰাজনীতিক, বুদ্ধিজীবীৰ চিন্তা বৃদ্ধি হ'ব পাৰে। কর্মক্ষেত্র আৰু বাণিজ্যত উন্নতিৰ যোগ। নতুন বছৰটো উন্নতি কাৰক হওক।

মকৰ: মকৰ ৰাশিৰ বাবে দিনটো শাৰীৰিক অশান্তিৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশতো মধ্যমীয়া। ক্রীড়া, সাহিত্য, সংস্কৃতিত যুক্তসকলৰ উপাৰ্জনৰ ক্ষেত্ৰত শুভ কাৰক। ৰাজনীতিক আৰু সমাজকর্মীয়ে অশান্তি পাব। বাণিজ্য আক কর্মক্ষেত্রত লাভবান হ'ব। নতুন বছৰটো সুখ-শান্তিৰে ভৰি পৰক।

কুম্ভ: কুম্ভ ৰাশিৰ বাবে দিনটো শাৰীৰিক শুভাশুভ মধ্যম কাৰক। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ। শিক্ষার্থীৰ চিন্তা বৃদ্ধি পাব। সাহিত্য, ক্রীড়া, সংস্কৃতিৰে যুক্তসকলৰ উৎসাহ বৃদ্ধিৰ যোগ। ৰাজনীতিক, বুদ্ধিজীৱী অস্থিৰতাত ভুগিব। কর্মক্ষেত্র আৰু বাণিজ্যত শুভ কাৰক হ'ব। নতুন বছৰত জীৱনৰ নতুন কর্ম সম্পাদন হওক।

মীন: মীন ৰাশিৰ বাবে দিনটোত শাৰীৰিক, মানসিক শুভ কাৰক। প্রেম-প্রীতি আৰু সাংসাৰিক দিশত শুভ কাৰক। শিক্ষার্থী উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎসাহিত হ'ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ নিজৰ কৰ্মত ব্যস্ততা বৃদ্ধি পাব। ৰাজনীতিক, বুদ্ধিজীৱীৰ সফলতাত বাধাৰ কাৰক। কর্ম আৰু বাণিজ্যত কষ্ট বৃদ্ধি পাব।

অসমৰ ৰাশিফলঃ (অসমৰ কাৰক ৰাশি কর্কট): আজিৰ দিনটো আমাৰ ৰাজ্যৰ ৰাশ্যাধিপতি চন্দ্র সিংহ ৰাশিত আছে। চন্দ্রৰ চতুৰ্থত বুধ, শুক্র, পঞ্চমত ৰবি, নৱমত বৃহস্পতি অতি শুভ কাৰক হৈ থকাৰ ফলত ৰাজ্যখনৰ উন্নয়নমূলক কর্ম-আঁচনি ৰূপায়ণত সুবিধা হ'ব। চৰকাৰে নতুন গুৰুত্বপূর্ণ কার্যসূচী হাতত ল'ব পাৰে। আনহাতে দ্বিতীয়ত কেতু, পঞ্চমত মণ্ডল, সপ্তমত শনি আৰু অষ্টমত ৰাহু অতি অশুভ কাৰক অৱস্থানত থকাৰ ফলত ৰাজ্যখনৰ বিত্তীয় অবস্থাৰ অবনতি, হিংসাত্মক ঘটনা, বাহন দুর্ঘটনা বৃদ্ধি পাব পাৰে। অগ্নিকাণ্ডৰ ঘটনাও হ'ব পাৰে। সংখ্যাতত্ত্বৰ মতে আজি ৰাজ্যখনৰ বাবে ৰবি গ্রহৰ শুভাশুভ মিশ্রিত কাৰক হ'ব।