অসম

শুকুৰবাৰৰ পৰা মেট্ৰিক পৰীক্ষাঃ ৯১৩ টা কেন্দ্ৰত পৰীক্ষাত বহিব ৪,২৭,৯২২ গৰাকী পৰীক্ষাৰ্থী

Asomiya Pratidin

ডিজিটেল ডেস্ক : শুকুৰবাৰৰ পৰা অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা। কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া এই পৰীক্ষা ৪ মাৰ্চলৈ চলিব। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ৰাজ্যৰ মুঠ ৯১৩ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব আৰু পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪,২৭,৯২২ গৰাকী।

একাধিক নতুন নিয়ম সংযোজন কৰি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ছেবা। এইবাৰ পৰীক্ষাত ৪টা বিষয়ত পৰীক্ষাৰ্থীয়ে অ'এমআৰ শ্বীট ব্যৱহাৰ কৰিব লাগিব।

সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ত পৰীক্ষাৰ্থীসকলে অ'এমআৰ শ্বীত ব্যৱহাৰ কৰিব লাগিব। এই ৪টা বিষয়ৰ প্ৰতিটো বিষয়ত মুঠ ৯০ নম্বৰৰ প্ৰশ্ন থাকিব বুলি জানিব পৰা গৈছে। এই চাৰিটাকৈ বিষয়ত ৪৫ টা ১ নম্বৰৰ প্ৰশ্ন থাকিব আৰু বেলেগ এখন উত্তৰ বহীত পৰীক্ষাৰ্থীয়ে ৪৫ নম্বৰৰ দীঘল উত্তৰ লিখিব লাগিব।

ছেবাই নিৰ্ধাৰণ কৰি দিয়া সময় অনুসৰিয়েই আৰম্ভ হ'ব পৰীক্ষা। নিৰ্ধাৰিত সময়তকৈ ১০ মিনিট আগতে প্ৰতিগৰাকী পৰীক্ষাৰ্থী কেন্দ্ৰত উপস্থিত হ'ব লাগিব। ইফালে ব'হাগ বিহুৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে চেষ্টা কৰিব ছেবাই।

হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ ওলোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা...