অসম

উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০.৩০ বজাত ঘোষণা হ’ব এই ফলাফল। এইবাৰ পৰীক্ষাৰ ফলাফল আৰু নম্বৰ তালিকা মুঠ ১০ টা ৱেবচাইট যোগে ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব। পুৱা ১০.৩০ বজাৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ নম্বৰ তালিকা ডাউনলোড কৰি ল'ব পাৰিব।

উল্লেখযোগ্য যে বছৰ বছৰ ধৰি চলি অহা স্থান অথবা ষ্টেণ্ডৰ ব্যৱস্থা নাথাকে। এই কথা সদৰী কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ৯১৩ টা পৰীক্ষা কেন্দ্ৰত মুঠ ৪ লাখ ২৭ হাজাৰ ৯২২ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

ফলাফলৰ বাবে ছেবাই মুকলি কৰা ১০টা ৱেবছাইটকেইটা হ'ল-

https://sebaonline.org

resultsassam.nic.in

www.indiaresults.com

www.results.shiksha

exametc.com

www.schools9.com

assamresult.in

www.jagranjosh.com

www.assam.shiksha

www.vidyavision.com