অসম

মেট্ৰিকৰ ফলাফল ঘোষণাঃ কোন আছে শীৰ্ষ ৫ ত, পঢ়ক সৱিশেষ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শনিবাৰে ঘোষণা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। পুৱা ১০.৩০ বজাত ছেবাৰ ১০ টা ৱেবচাইটত উপলব্ধ হ'ব এই ফলাফলসমূহ। ইয়াৰ পূৰ্বে শীৰ্ষ স্থান দখল কৰা প্ৰথম ৫ জনৰ নাম ঘোষণা কৰিছে ছেবাই।

এইবাৰ শীৰ্ষ ৫ জন ক্ৰমে-

১) অনুৰাগ দলৈ, প্ৰজ্ঞা একাডেমী চিনিয়ৰ চেকেণ্ডাৰী স্কুল, যোৰহাট (৫৯৩ নম্বৰ)

২) ঝৰ্ণা শইকীয়া, শংকৰদেৱ শিশু নিকেতন, বিশ্বনাথ চাৰিআলি (৫৯০ নম্বৰ)

৩) মানস প্ৰতীম শইকীয়া, আইলেণ্ড একাডেমী, কমলাবাৰী, মাজুলী (৫৮৮নম্বৰ)

৪) বেদান্ত চৌধুৰী, ষ্টেলা মেৰিছ স্কুল, সৰুপেটা, বৰপেটা (৫৮৮ নম্বৰ)

৫) দেৱশ্ৰী কাশ্যপ, ৰামনুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুল, নগাঁও (৫৮৮ নম্বৰ)

উল্লেখ্য যে, ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৪,১৯,০৭৮ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে উত্তীৰ্ণ হৈছে ৩,১৭,৩১৭ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা আছিল ১,৮৭,৯০৪ গৰাকী, ছাত্ৰীৰ সংখ্যা আছিল ২,৩১,১৬৪ গৰাকী আৰু তৃতীয় লিংগৰ আছিল ১০ গৰাকী।

এইবাৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৭৫.৭ শতাংশ। ডিষ্টিংছন নম্বৰ লাভ কৰিছে ৬,৩৯২ গৰাকীয়ে, ষ্টাৰ মাৰ্ক লাভ কৰিছে ২০,৫৫২ গৰাকীয়ে আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ১,০৫,৮৭৩ গৰাকী।

ইয়াৰ লগতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৫০,৭৬৪ গৰাকী, তৃতীয় বিভাগত উত্তীৰ্ণ ৬০,৬৮০ গৰাকী, লেটাৰ মাৰ্ত লাভ কৰিছে ১,৯৩,১৫৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে।