অসম

পুৰণা লাহৰিজানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ,বোকাজানঃ বোকাজান মহকুমাৰ পুৰণা লাহৰিজানত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰা হৈছে। বৃহস্পতিবাৰে আৰক্ষীৰ এটা দলে গাঞ্জাসহ দুগৰাকী সৰবৰাহকাৰীক আটক কৰে।

ধৃত দুই সৰবৰাহকাৰীৰ এগৰাকীৰ নাম গোপাল প্ৰসাদ। প্ৰসাদৰ ঘৰ বিহাৰত আৰু আনগৰাকীৰ নাম দিনানাথ যাদৱ। যাদৱৰ ঘৰৰ ঠিকনা পশ্চিম বংগ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, পুৰণা লাহৰিজানস্থিত আৰক্ষীৰ নাকা তালাচিত জব্দ কৰা হৈছে গাঞ্জাখিনি।WB-26-K-1717 নম্বৰৰ টাটা চুমো বাহনৰ পৰা উদ্ধাৰ কৰা হৈছিল গাঞ্জাখিনি। আৰক্ষীয়ে জনোৱা অনুসৰি জব্দকৃত গাঞ্জাখিনিৰ ওজন ২১.০৮৫ কিলোগ্ৰাম।