অসম

লামডিং ৰে'লৱে জংচনত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

Asomiya Pratidin
  • লামডিং ৰে'লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ ৷

  • নামনিমুৱা ১৫৯২৮নং নিউ তিনিচুকীয়া ৰঙিয়া ৰে'লৰ সাধাৰণ ডবাত উদ্ধাৰ কৰে ড্ৰাগছখিনি।

  • আৰ পি এফ আৰু চি আই বিৰ দলে ডিফু আৰু লামডিং ৰে'লৱে জংচনৰ মাজত চলন্ত অৱস্থাত জব্দ কৰে ড্ৰাগছখিনি ৷

  • ৰে'লখনৰ এটি গ্ৰাহকবিহীন কাপোৰৰ বেগৰ পৰা ১০টা চাবোনৰ বাকচত উদ্ধাৰ ১১২.০১ গ্ৰাম নিসিদ্ধ ড্ৰাগছ ৷

  • উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ২২লাখ ৪০ হাজাৰ টকা হ'ব বুলি জানিব দিয়ে ৷

  • চি আই বি দলৰ নন্দেশ্বৰ দাসৰ নেতৃত্বত চলন্ত ৰে'লখনত চলিছিল অভিযান ৷

  • ডিমাপুৰৰ পৰা ড্ৰাগছখিনি সৰবৰাহ কৰাৰ সন্দেহ।