অসম

বিহালীত ১০ গৰাকী কিশোৰ-কিশোৰী উদ্ধাৰ, আটক দুই মানৱ সৰবৰাহকাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ, বিহালীঃ মঙলবাৰে বিশ্বনাথ জিলা আৰক্ষীয়ে এক গোপন সুত্ৰৰ পম খেদি শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাঙাপাৰা ৰে'ল ষ্টেছনৰ পৰা দহ গৰাকী কিশোৰ কিশোৰী উদ্ধাৰ কৰে। লগতে দুই কিশোৰ-কিশোৰী তথা মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

বিশ্বনাথ জিলাৰ বিহালীৰ জিনজিয়া থানাৰ অন্তৰ্গত জিনজিয়া চাহ বাগিচা আৰু ৰতোৱা অঞ্চলৰ পৰা দুই মানৱ সৰবৰাহকাৰীয়ে দহ গৰাকী কিশোৰ কিশোৰীক বহিঃ ৰাজ্যত নিয়াৰ চেষ্টা চলাইছিল। কামৰ প্ৰলোভন দি ৰে'ল যোগে বহিঃৰাজ্যলৈ নিয়াৰ চেষ্টা কৰোতেই বিশ্বনাথ আৰক্ষীৰ দলে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰ কিশোৰীৰ দলটোক ৷

ইতিমধ্যে বিহালীৰ জিনজিয়া আৰক্ষী থানাত আৰক্ষীয়ে কিশোৰ কিশোৰী কেইজনক নিজৰ জিম্মাত ৰাখি অধিক তথ্য উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে । আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই মানব সৰবৰাহকাৰীকো অধিক সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ সূত্ৰ মতে মানৱ সৰবৰাহ কাৰ্যত অধিক লোক থকাৰ সন্দেহ ৷

অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে মানৱ সৰবৰাহকাৰী ঘটনা সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই৷ আৰক্ষীয়ে আটক কৰা দুই সৰবৰাহকাৰী ক্ৰমে হাফিছ খান সুৰেশ নাগ বুলি জানিব পৰা গৈছে ৷