অসম

ভোগদৈ নদীত অবৈধভাৱে বালি খনন

Asomiya Pratidin

ডিজিটেল সংবাদ,মৰিয়নিঃ মৰিয়নিৰ ভোগদৈ নদীত অব্যাহত আছে বালি মাফিয়াৰ তাণ্ডৱ। ভোগদৈ নদীৰ কঠাগুৰি দলঙৰ সমীপত নিতৌ জেচিবি-ফকলেন চলাই বালি মাফিয়াই অবৈধভাৱে বালি খনন আৰু সৰবৰাহ অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি বন বিভাগৰ পৃষ্ঠপোষকতাতে ভোগদৈ নদীত অবৈধ বালিৰ সৰবৰাহ অব্যাহত আছে। আনহাতে জেচিবিৰে অবৈধভাৱে বালি খননৰ পৰিণতিত সৃষ্টি হোৱা দ গাঁতত সোমাই সলিল সমাধি ঘটে এজন কিশোৰৰ।

মৃত কিশোৰজন মৰিয়নী কঠালগুৰি চাহ বাগিচাৰ মনোজ তেলেংগা (১৫) বুলি জানিব পৰা গৈছে। জেচিবি-ফকলেণ্ডৰে বালি খননৰ ফলত ভোগদৈ নৈত সৃষ্টি হোৱা দ গাঁতৰ বাবেই কিশোৰজনৰ অকাল মৃত্যু হোৱা বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে।

ভোগদৈ দলঙৰ তলত জেচিবিৰে বালি খনন কৰি নিতৌ ডাম্পাৰে ডাম্পাৰে বালি সৰবৰাহ কৰি আহিছে যদিও ৰহস্যজনকভাৱে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বনবিভাগে।