ডিমা হাচাও ৰে'ল দুৰ্ঘটনাঃ ইঞ্জিনসহ লাইনচ্যুত হ'ল চাৰিটাকৈ ডবা... 
অসম

ডিমা হাচাও ৰে'ল দুৰ্ঘটনাঃ ইঞ্জিনসহ লাইনচ্যুত হ'ল চাৰিটাকৈ ডবা...

Asomiya Pratidin

ডিজিটেল সংবাদ লামডিংঃ পুনৰ সংঘটিত হৈছে এক ৰে'ল দুৰ্ঘটনা। এইবাৰ ৰে'ল দুৰ্ঘটনাৰ স্থান ডিমা হাচাও জিলা। জানিব পৰা মতে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ অন্তৰ্গত ডিমা হাচাও জিলাত এখন যাত্ৰীবাহী ৰে'ল দুৰ্ঘটনাত পতিত হৈছে।

দুৰ্ঘটনাগ্ৰস্ত ৰে'লখন ১২৫২০ নামনিমুৱা আগৰতলা-মুম্বাই লোকমাণ্য তিলক এক্সপ্ৰেছ। ৰে'ল বিভাগে জনোৱা মতে ৰে'লখন ডিমা হাচাও জিলাৰ ডিবালং নামৰ ৰে'লৱে ষ্টেচনৰ সমীপত দুৰ্ঘটনাত পতিত হৈছে।

আজি বিয়লি ৪ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাত ৰে'লখনৰ ইঞ্জিনসহ ৪ টাকৈ ডবা লাইনচ্যুত হোৱাৰ খবৰ পোৱা গৈছে। অৱশ্যে এই পৰ্যন্ত কোনো হতাহতিৰ খবৰ লাভ কৰা নাই।