অসম

জামুগুৰিহাটত পদ্ম হাজৰিকাই উত্তোলন কৰিলে ত্ৰিৰংগা পতাকা

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাট : চতিয়া সমষ্টিৰ জামুগুৰিহাটস্থিত নদুৱাৰ মণ্ডল বিজেপিৰ কাৰ্যালয়ত মঙ্গলবাৰে উদযাপন কৰা হয় ৭৭ সংখ্যক স্বাধীনতা দিৱস ৷ এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই

পতাকা উত্তোলন কৰি ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কয় - 'দেশৰ স্বাধীনতা অনাৰ ক্ষেত্ৰত আত্মবলিদান দিয়া ব্যক্তিসকলক আজিৰ দিনটোত আমি শ্ৰদ্ধা সহকাৰে সুৱঁৰিছোঁ ৷ ভাৰত ৰাষ্ট্ৰৰ প্ৰতি অহা প্ৰতিটো ভাবুকি আমি ওফৰাই পেলোৱাৰ সকলোৱে এই পতাকাৰ তলত পণ ল'ব লাগিব ৷'

প্ৰতিটো জাতি জনগোষ্ঠীয় ৰাইজৰ মাজত আমি মিলন সেতু গঢ়ি ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰাৰ আজিৰ দিনটোত সকলোৱে সংকল্প লওঁ আহক বুলি বিধায়ক পদ্ম হাজৰিকাই মন্তব্য কৰে ৷ পতাকা উত্তোলন কাৰ্যসূচীত জামুগুৰি পৌৰসভাৰ লগতে ১০টা কৈ গাওঁপঞ্চায়তৰ দলীয় কাৰ্যকৰ্তা সকলে অংশগ্ৰহণ কৰে ৷