ইন্দ্রাণী তহবিলদাৰ 
অসম

অনুৰাগক লগত লৈ ইন্দ্রাণীৰ বাসগৃহত আৰক্ষীঃ উদ্ধাৰ বহু আপত্তিজনক নথি

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অব্যাহত আছে বিজেপি নেত্ৰী ইন্দ্রাণী তহবিলদাৰৰ আত্মহনন ঘটনাৰ তদন্ত। ঘটনাৰে জড়িত থকাৰ অভিযোগত ইতিমধ্যেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অনুৰাগ চলিহাক লগত লৈ অভিযান চলাইছে আৰক্ষীয়ে।

ইন্দ্রাণী তহবিলদাৰৰ বাসগৃহত অভিযানত চলাই আৰক্ষীৰ বহু নথি-পত্র উদ্ধাৰ কৰিছে। উল্লেখৰ প্ৰয়োজন যে, চাকৰি দিয়াৰ নামত টকা লোৱাৰ নথি লাভ কৰিছে আৰক্ষীয়ে। টকা দি চাকৰিৰ প্রত্যাশাত থকা বহু প্রাৰ্থীৰ তথ্যও লাভ চানমাৰি আৰক্ষীৰ।

আনহাতে মঙলবাৰৰ পুৱাই আন দুজন অভিযোগযুক্তকো জেৰা কৰিছিল চানমাৰি আৰক্ষীয়ে। আৰক্ষীয়ে তলব কৰা বিজেপি নেতা কেইজন হ'ল মৃগাংক বৰ্মন আৰু প্রণৱজ্যোতি লহকৰ। ইতিমধ্যেই আৰক্ষীৰ জিম্মাত থকা ৰেখান্ত দাস আৰু অসীম চক্রৱৰ্তীৰ উপৰি সোমবাৰৰ নিশা কপিল তালুকদাৰ আৰু সঞ্জীৱ শৰ্মাই জেৰাত মৃগাংক বৰ্মনৰ নাম লোৱাৰ বাবেই তলব কৰিছিল নেতা কেইজনক।