অসম

শিমলুগুৰি শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ লাইখুঁটা স্থাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,চৰাইদেউ : শিৱসাগৰ জিলাৰ বৃহত্তৰ শিমলুগুৰি অঞ্চলৰ মাতৃভাষা মাধ্যমৰ অগ্ৰণী বেচৰকাৰী বিদ্যাৰয় শংকৰদেৱ শিশু নিকেতন, শিমলুগুৰিৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ সোমবাৰে লাইখুঁটা স্থাপন কৰা হয় । অহা ৮ আৰু ৯ নবেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ।

আজি নিকেতন চৌহদত আয়োজিত এক চমু অনুষ্ঠানত টাই ম'লুং হীৰেণ ফুকনৰ তত্বাৱধানত অনুষ্ঠিত টাই আহোম ধৰ্মীয় পৰম্পৰাৰ মাজেৰে মন্ত্ৰী মহনে লাইখুঁটা স্থাপন কৰে । মন্ত্ৰীগৰাকীয়ে ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ দুয়ো দিনৰ কাৰ্যসূচীত সকলো ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰে ।

অনুষ্ঠানত উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তিলক কোঁৱৰৰ লগতে অভিভাৱক-অভিভাৱিকা, ছাত্ৰ-ছাত্ৰীৰ লগতে শুভাকাংক্ষীসকল উপস্থিত থাকে ।