অসম

শ্বহীদক চৰম অপমান!

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত গলবিল নলবাৰীৰ চি আৰ পি এফৰ জোৱান দীপক ডেকাই ২০১১ চনত মাওবাদীৰ ভয়ংকৰ আক্ৰমণত ঝাৰখণ্ডত নিহত হৈছিল । তাৰ পাচত ২০২১ চনত গলবিলৰ পৰা নলবাৰীৰ শ্বহীদৰ পৰিয়াললৈ যোৱা পথটো দীপক ডেকাৰ নামত উচৰ্গা কৰি চি আৰ পি এফৰ ১০ নং বেটেলিয়নৰ কামাণ্ডেন্টে নিৰ্মাণৰ বাবে আধাৰশিলাও স্থাপন কৰে। পিচে আধাৰশিলা স্থাপন কৰিয়েই হাত ধুলে বিভাগীয় কৰ্তৃপক্ষই ৷ আজিকোপতি এচপৰা মাটি নপৰিল পথটোত ।

জনবসতিপূৰ্ণ গাঁওখনত বাৰিষা হ'লে বন্ধ হৈ পৰে যাতায়ত । প্ৰতি বছৰে নিজৰ পকেটৰ ধন খৰচ কৰি গাঁওৰ ৰাইজে মেৰামতি কৰে পথটো ৷ গাঁওখনত প্ৰৱেশ কৰিব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন ৷ বছৰ বছৰ ধৰি গাঁওখনৰ ৰাইজে যাতায়তৰ নামত যমৰ যাতনা ভোগ কৰি আহিছে ৷ চি আৰ পি এফে পথটো নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিও আজিলৈকে নকৰাত ক্ষুন্ন হৈ পৰিছে শ্বহীদ ভাতৃ ও গাঁওবাসী ৷ শ্বহীদক চৰম অপমান কৰা বুলি অভিযোগ তুলি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ লগতে আগন্তুক লোকসভা নিৰ্বাচনত গাঁৱৰ ৰাইজে ভোট বৰ্জন কৰাৰ কথাও সদৰি কৰে শ্বহীদৰ ভাতৃয়ে । আনহাতে উক্ত পথচোৱাৰ কাম আৰম্ভ নকৰিলে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আগবাঢ়িম বুলি মন্তব্য কৰে বাক্সা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৰেকৃষ্ণ পাঠকে ।