অসম

যোৰহাটত তীব্ৰ প্ৰতিদ্বন্দ্বিতাঃ ২৪৩৯টা ভোট আগবাঢ়ি আছে গৌৰৱ গগৈ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ যোৰহাটত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে গৌৰৱ গগৈ আৰু তপন গগৈৰ মাজত। সমষ্টিটোত এই মূৰ্হুতলৈকে হোৱা ভোট গণনাৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৩৭৮৪৫টা ভোট লাভ কৰিছে।

ইয়াৰ বিজেপি প্ৰাৰ্থী তপন গগৈয়ে লাভ কৰিছে ৩৫, ৪০৬টা ভোট। অৰুণ চন্দ্ৰ সন্দিকৈয়ে ৪৮৫টা ভোট আৰু নিদৰ্লীয় প্ৰাৰ্থী ৰাজকুমাৰ দুৱৰা ৩৭৪টা ভোট লাভ কৰিছে। সমষ্টিটোত নটাত ৬৭৯টাত ভোট পৰিছে বুলি জানিব পৰা গৈছে।