অসম

বালিপুখুৰীস্থিত বিশেষভাৱে সক্ষম বিদ্যালয়ত মত-বিনিময় অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,বিহালী : আজি সমগ্ৰ দেশে উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতা দিৱস । সমগ্ৰ দেশৰ লগতে অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন চাইনিং চৌউলচ ট্ৰাষ্টৰ উদ্যোগত বিশ্বনাথৰ বালিপুখুৰীস্থিত বিশেষভাৱে সক্ষম বিদ্যালয়ত এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

সংগঠনটোৱে স্থানীয় বহুকেইগৰাকী ব্যক্তিক আমন্ত্ৰণ জনাই প্ৰতিষ্ঠানখনত থকা বিশেষভাৱে সক্ষম ১৯ গৰাকীৰ সৈতে প্ৰথমে মত বিনিময় কৰে । পৰৱৰ্তী সময়ত সংগঠনটোৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেক কাটি, জাতীয় পতাকা বিতৰণ কৰাৰ লগতে দুপৰীয়াৰ সাঁজ যোগান ধৰে ।

অনুষ্ঠানত স্থানীয় সমাজকৰ্মী জয়ন্ত বৰা, সাংবাদিক বিনিত ঝা, অম্লান কাশ্যপ চাহা, শান্তনু চমুৱাকে ধৰি বহুকেইজনে অংশগ্ৰহণ কৰে ।