অসম

আজি আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস

Asomiya Pratidin

ডিজিটেল ডেস্ক : আজি ৯ আগষ্ট। প্ৰতিবছৰে আজিৰ এই দিনটো সমগ্ৰ বিশ্বত আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস হিচাপে পালন কৰি অহা হৈছে। ইয়াক বিশ্ব ভূমিপুত্ৰ দিৱস বুলিও জনা যায়। 

বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ অভিব্যক্তিক গোটেই বিশ্বৰ আগত দাঙি ধৰিবলৈ এই দিৱস পালন কৰা হয়। ইয়াৰোপৰি বিশ্বৰ বিভিন্ন সমস্যাৰ প্ৰতি খিলঞ্জীয়া লোকসকলে আগবঢ়োৱা অৱদান আৰু পৰিৱেশতন্ত্ৰৰ সমস্যা সমাধানৰ হকে কাম কৰা ভূমিপুত্ৰ সকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই দিৱসৰ সূচনা কৰা হৈছিল।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১৯৮২ চনত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া জনসংখ্যাৰ কাৰ্যকৰী গোট আৰু মানৱ অধিকাৰৰ প্ৰচাৰ আৰু সংৰক্ষণ উপ পৰিষদে এই দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল। ১৯৯৪ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এই দিৱস উদযাপনৰ প্ৰস্তাৱ গৃহীত কৰা হৈছিল।

এই দিৱসৰ লগত সংগতি ৰাখি অসমতো কেতবোৰ কাৰ্যসূচী সম্পন্ন কৰা হয়। বিভিন্ন বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত খিলঞ্জীয়া দিৱস পালন কৰি অহা হৈছে। অসম লেখিকা সমাজৰ উদ্যোগত ডিফু চহৰত খিলঞ্জীয়া দিৱৰ লগত সংগতি ৰাখি মাটি-মানুহ-সমন্বয় শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে।