পদত্যাগ কৰিলে আৰক্ষী অধীক্ষ আনন্দ মিশ্ৰই... 
অসম

পদত্যাগ কৰিলে আৰক্ষী অধীক্ষ আনন্দ মিশ্ৰই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পদত্যাগ কৰিলে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা আনন্দ মিশ্ৰই ১৮ ডিচেম্বৰতে এক পত্ৰ জৰিয়তে পদত্যাগৰ কথা অৱগত কৰিছে ৰাজ্যৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সঙক।

২০১১ ৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ আনন্দ মিশ্ৰই ভাৰতীয় আৰক্ষী সেৱাৰ পৰা চৰ্তহীন পদত্যাগৰ কথা উল্লেখ কৰি পত্ৰত লিখিছে, স্বাধীন জীৱন আৰু স্বাধীনভাৱে বিভিন্ন সামাজিক আৰু অন্যান্য কাম-কাজ কৰি যোৱাৰ আগ্ৰহেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে তেওঁ এই পদত্যাগ পত্ৰ গ্ৰহণ কৰি ভাৰতীয় আৰক্ষী সেৱাৰ দায়িত্বৰ পৰা তেওঁক অব্যাহতি দিবলৈ আৰু চাকৰি জীৱনত অৰ্জন কৰা সকলো আৰ্থিক প্ৰাপ্যৰ কাম-কাজো শীঘ্ৰে সমাপণ কৰিবলৈও আহ্বান জনাইছে। অৱশ্যে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে নে নাই সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

উল্লেখ্য, ধুবুৰীৰ পৰা নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি অহাৰ পাছতে নগাওঁ জিলাত অপৰাধ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যি আনন্দ মিশ্ৰই ভূমিকা গ্ৰহণ কৰিছিল সেই ভূমিকাৰ বাবেই তেওঁৰ সময়ছোৱাত জিলাখনত অপৰাধৰ সংখ্যা হ্ৰাস পাইছিল।জিলাখনলৈ আহিয়েই তেওঁ ড্ৰাগছৰ বিৰুদ্ধে চলাইছিল অভিযান।

পৰৱৰ্তী সময়ত এই অভিযান অসম চৰকাৰৰ পৃষ্ঠপোষকতাত ব্যাপক ৰূপ লৈছিল আৰু ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে জেহাদ ঘোষণা কৰিছিল। অৱশ্যে তাৰ মাজতে ছাত্ৰ নেতা কীৰ্তি কমল বৰাৰ ভুৱা এনকাউণ্টাৰৰ ঘটনাই আনন্দ মিশ্ৰ বাহিনীক জোকাৰি গৈছিল। এই এনকাউণ্টাৰ যে ভুৱা আছিল সেয়া আৰক্ষীৰ তদন্তে প্ৰমাণ হৈছিল।

পৰৱৰ্তী সময়ত কিছুদিন ক্ৰীড়া বিভাগৰ দায়িত্ব পালন কৰি আনন্দ মিশ্ৰ পুনৰ আৰক্ষী অধীক্ষক হিচাপে বদলি হৈ গৈথিল লখিমপুৰ জিলালৈ। জিলাখনৰ দায়িত্ব গ্ৰহণ কৰিয়েই তেওঁ নকল সোণ আৰু নকল টকাৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অভিযান।

ইফালে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাত মণিপুৰ কাণ্ডৰ তদন্তৰ বাবে গঠন হোৱা এছ আই টিৰো দায়িত্ব লাভ কৰিছিল মিশ্ৰই। শেহতীয়াকৈ এইগৰাকী আৰক্ষী বিষয়াই গৃহভূমি বিহাৰত ৰাজনীতিত জড়িত হোৱাৰ আগ্ৰহ প্ৰকাশ কৰাৰ কথাও চৰ্চালৈ আহিছিল। চৰ্চা অনুসৰি তেওঁ আ পি এছৰ পৰা পদত্যাগ কৰি ৰাজনীতিত যোগদান কৰিব।