অসম

ইটাখোলালৈ গৌৰৱ কঢ়িয়ালে উদ্দীপনা-আস্তাজিতাই...

Asomiya Pratidin

ডিজিটেল সংবাদ,ইটাখোলাঃ আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী উদ্দীপনা বৰাই ৬ টাকৈ বিষয়ত লেটাৰ মাৰ্ক সহ ৯০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে আস্তাজিতা শইকিয়াই প্ৰথম বিভাগত উৰ্ত্তীণ হৈ ষ্টাৰ মাৰ্ক লাভ কৰি কেৰাণিপাম গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে।

নিজ নিজ ফলাফলেৰে অতি নিম্ন মধ্যবিত্ত পৰিয়ালত হাঁহি কঢ়িয়াই আনিছে দুয়োগৰাকী ছাত্ৰীয়ে। ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ সম্পাদক আনিল বৰাই দুই কৃতী ছাত্ৰীৰ ঘৰত গৈ সম্বৰ্ধনা জ্ঞাপন কৰে৷ ছাত্ৰী দুগৰাকীৰ এনে ফলাফলত যথেষ্ট সুখী দুয়োৰে পিতৃ-মাতৃ ৷