ROAD ACCIDENT  
অসম

জাগীৰোডৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ জাগীৰোডৰ ভোমোৰাগুৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ট্রাকে মহটিয়াই নিলে দুই বাইক আৰোহীক। মঙলবাৰে নিশা সংঘটিত হৈছে এই ঘটনা।

দুৰ্ঘটনাৰ ফলত থিতাতে নিহত এজন। লগতে আহত আনজন বাইক আৰোহী। নিহত যুৱকজনৰ নাম ৰোমান বৰকটকী বুলি জানিব পৰা গৈছে।

গুৰুতৰভাৱে আহত আনজন যুৱকক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ভাৰতীয় জনতা যুৱ মৰ্চাৰ বৰ্তমানৰ সদস্য আছিল মৃত ৰোমান। ABVPৰ প্রাক্তন সদস্যও আছিল ৰোমান বৰকটকী।